ৰাইডঙীয়াৰ ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

নগাঁও জিলাৰ ঐতিহাসিক ৰাইডঙীয়াত অনুষ্ঠিত ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱৰ আজি অন্তিম দিন৷ অন্তিম দিনটোত ৰাসস্থলী উদ্বোধন কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উপ-সভাপতি বিষ্ণু হাজৰিকাই৷ বিষ্ণু হাজৰিকাই ৰাসস্থলী মুকলি কৰি কয় যে এই বতৰত অসমৰ বহু ঠাইত ৰাস হয়৷ ৰাসসমূহে মহা মিলনৰ সেঁতু গঢ়ে৷ গোটেই বছৰতো কষ্ট কৰি শৰৎকালৰ এই সময়ছোৱাত আমি আনন্দ কৰো৷ বাৰিষা গুচি যোৱাৰ পিছতে জাৰ নামি অহাত ৰাস্তা-ঘাটৰ পৰা বোকা-পানী নোহোৱা হয়৷ পথাৰত ধান কটাৰ সময় যদিও আমি নতুন এটা বছৰত যুঁজিবলৈ সাহস গোটাও এই ৰাস উৎসৱত৷ শান্তি, প্ৰগতিৰ বাট দেখুৱাই এই ৰাসে৷ অন্তিম দিনটোৰ কাৰ্যসূচীৰ আঁতধৰে প্ৰমোদ কুমাৰ দাসে৷ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত সন্ধিয়াৰ পৰাই ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হয়৷ তিনিওটা দিনত মাধৱ মন্দিৰ প্ৰাংগনত ফৰিং ফুটা ৰূপালী জোনাকত কৃষ্ণই গোপীসকলৰ সৈতে কৰা ৰাস ক্ৰীড়াৰ দৰেই অপূৰ্ব সমাহাৰ দেখা যায়৷ ৰাইডঙীয়া পাঁচআলিৰ শ্ৰীশ্ৰী মাধৱদেৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাস মহোৎসৱত নিতৌ ভক্তই শ্ৰী কৃষ্ণৰ ৰাস লীলা উপভোগ কৰে৷ স্থানীয় মহিলা, জীয়ৰী, বোৱাৰীৰ ৰাস লীলা বৃন্দাবনত পৰিণত কৰে ৰাইডঙীয়াৰ মাধৱ মন্দিৰ প্ৰাংগনক৷ ভক্তপ্ৰাণ ৰাইজ উপস্থিতি থাক সহায়-সহযোগ কৰাত ধন্যবাদ জ্ঞাপন কৰিছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ সমিতিয়ে৷

  • Brahmaputra Times

    Related Posts

    নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…

    দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ