সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা অনুসৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যাৰ লগতে নাহৰলগুন ষ্টেচনৰ পৰা টুণ্ডলা ষ্টেচনলৈ বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ।

এই বিশেষ ৰে’লসমূহে প্ৰতিটো দিশত চাৰিটা ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব । এই শীতকালৰ সময়ত এই ৰে’লকেইখনে মহাকুম্ভ মেলালৈ যাবলৈ ইচ্ছুক ভক্ত আৰু দর্শনার্থীসকলক আৰামদায়ক ভ্ৰমণৰ বাবে সুবিধা প্রদান কৰিব । বিশেষ ৰে’ল নং ০৫৬১১ (কামাখ্যা-টুণ্ডলা) কামাখ্যাৰ পৰা ৯ জানুৱাৰী, ২৫ জানুৱাৰী, ৮ ফেব্ৰুৱাৰী আৰু ২২ ফেব্ৰুৱাৰীৰ পুৱা ৫:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা সন্ধিয়া ৭:২০ বজাত টুণ্ডলাত উপস্থিত হ’ব ৷

উভতনি যাত্ৰাৰ দিশত, ৰে’ল ০৫৬১২ (টুণ্ডলা-কামাখ্যা) ১১ জানুৱাৰী, ২৭ জানুৱাৰী আৰু ১০ ফেব্রুৱাৰী, ২৪ ফেব্রুৱাৰীত বিয়লি ৩ বজাত টুণ্ডলাৰ পৰা প্রস্থান কৰি পিছদিনা সন্ধিয়া ৫:৪৫ বজাত কামাখ্যাত উপস্থিত হ’ব । উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, পাটনা, প্রয়াগৰাজ আদি ষ্টেচন হৈ চলাচল কৰিব ।

একেদৰে, বিশেষ ৰে’ল ০৫৮১১ (নাহৰলগুন- টুণ্ডলা) ৯ জানুৱাৰী, ২৫ জানুৱাৰী, ৮ ফেব্ৰুৱাৰী আৰু ২২ ফেব্ৰুৱাৰীত নাহৰলগুনৰ পৰা দিনৰ ২:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৬:৩০ বজাত টুণ্ডলাত উপস্থিত হ’ব । উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৮১২ (টুণ্ডলা- নাহৰলগুন) ১১ জানুৱাৰী, ২৭ জানুৱাৰী, ১০ ফেব্রুৱাৰী আৰু ২৪ ফেব্রুৱাৰীত ১১:২০ বজাত টুণ্ডলাৰ পৰা প্রস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৫:৫০ বজাত নাহৰলাগুনত উপস্থিত হ’ব ।

উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙাপাৰা নৰ্থ, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কাটিহাৰ, বাৰাউনী, দানাপুৰ, প্রয়াগৰাজ আদি ষ্টেচন হৈ চলাচল কৰিব । কামাখ্যা–টুণ্ডলা ৰে’লত ২২টা দবা থাকিব, আনহাতে নাহৰলাগুন–টুণ্ডলা ৰে’লত ২১টা দবা থাকিব ৷ দুয়োখন ৰে’লত এ চি, শ্লীপাৰ আৰু সাধাৰণ বহা আসনৰ দবা থাকিব । উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে মহাকুম্ভ মেলাত ভ্ৰমণৰ পৰিকল্পনা কৰা যাত্রীসকলক সকাহ প্রদান কৰিব বুলি আশা কৰা হৈছে ।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া । অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা স্থলীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…