অসমৰ ঐতিহ্যমণ্ডিত গৰিয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰি অধিকাৰৰ হকে সংগ্ৰাম কৰাৰ পোষকতা কৰা সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ প্ৰতি জনগোষ্ঠীটোৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকল আকৰ্ষিত হৈ আহিছে৷ দশকৰ পিছত দশক ধৰি লাঞ্চিত-বঞ্চিত অসমৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত ধৰ্মান্তৰিত খিলঞ্জীয়া ইছলামধৰ্মীসকলক এখন মঞ্চত একত্ৰিত কৰিবলৈ কাম কৰা সদৌ অসম গৰিয়া জাতীয় পৰিষদত ন-ন নেতাই চামিল হৈ আহিছে৷ উজনি আৰু নামনি অসমত ইতিমধ্যে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা জনগোষ্ঠীয় সংগঠনটোৱে জনগোষ্ঠীটোৰ হিতৰ বাবে কাম কৰি আহিছে৷ গৰিয়াৰ হৃতমৰ্যাদা উদ্ধাৰ, শিক্ষা, পৰম্পৰা-সংস্কৃতি ৰক্ষা, ঐতিহাসিক স্থান সংৰক্ষণ কৰা আদিৰ হকে সংগ্ৰাম কৰি অহা সংগঠনটোৱে গুৱাহাটী মহনগৰীত বসবাস কৰি হাজাৰ হাজাৰ গৰিয়াক এখন মঞ্চত একত্ৰিত কৰিবলৈ কাম কৰিবলৈ আৰম্ভ কৰিছে৷ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী এলেকাৰ সৰবৰহী যুৱক তথা যুৱ সমাজকৰ্মী ৰাজীৱ চৌধুৰীয়ে সদৌ অসম গৰিয়া জাতীয় পৰিষদত চামিল হৈছে৷ পূৰ্বে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি আছিল যদিও স্ব-ইচ্ছাই সংগঠনটো ত্যাগ কৰি ৰাজীৱ চৌধুৰীয়ে সদৌ অসম গৰিয়া জাতীয় পৰিষদত চামিল হৈছে৷ ইতিমধ্যে ৰাজীৱ চৌধুৰীক কামৰূপ জিলাত কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়তে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিত কেন্দ্ৰীয় সমিতিত প্ৰচাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ এতিয়াৰ পৰা কামৰূপ জিলাৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় সমিতিত কাৰ্যনিৰ্বাহ কৰিব ৰাজীৱ চৌধুৰীয়ে৷ ৰাজৱী চৌধুৰীৰ সাংগঠনিক অভিজ্ঞতাৰ প্ৰতি লক্ষ্য লাখি জনগোষ্ঠীৰ হিতৰ বাবে কাম কৰি যাব বুলি আশা কৰিছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…