
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত কয় যে ভাৰতে পাকিস্তানক আকোৱালি ল’বলৈ আৰু পাকিস্তানৰ সৈতে কথা পাতিবলৈ সাজু, যদিহে পাকিস্তানে ভাৰতৰ মাটিত সন্ত্ৰাস বিয়পোৱা বন্ধ কৰিব বুলি নিশ্চয়তা দিয়ে।
ৰাজনাথ সিঙে লগতে কয় যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা ৭ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য বিচাৰিছে। পাকিস্তানে ভাৰতৰ পৰা সহায় বিচাৰিব পাৰিলেহেঁতেন। ইয়াতকৈ অধিক ধন আমি জম্মু-কাশ্মীৰক দিছো। পাকিস্তানে সাপ ৰুহি ৰখাৰ কাৰণে আজি এই অৱস্থা।
ৰাজনাথ সিঙে কংগ্ৰেছ, নেচনেল কনফাৰেন্স আৰু পিডিপিয়ে পাকিস্তানৰ সহায়কাৰীৰ দৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয় যে জম্মু-কাশ্মীৰত ইছলামবাগৰ কুৎসিত উদ্দেশ্য কাকো পূৰণ কৰিবলৈ বিজেপিয়ে নিদিয়ে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদে জম্মু-কাশ্মীৰত হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছে। ইয়াৰে ৮০%তকৈ অধিক মুছলমান।
উল্লেখ্য যে, জম্মু-কাশ্মীৰত ১০ বছৰৰ মূৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচন উপলক্ষে আয়োজিত এক জনসভাত এইদৰে মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে।