মই টুৱেলভথ মেন নহওঁ,মোক কোনেও বহুৱাই ৰাখিব নোৱাৰেঃৰাণী নৰহ

সোমবাৰে লখিমপুৰত এক সংবাদমেল সম্বোধন কৰে ৰাণী নৰহে। তেওঁ কয়, “মই ক্ৰিকেটত অ’পেনাৰ আছিলো ৷ আজিৰ দিনটোতো মই অ’পেনাৰ, ৰাজনীতিতো ময়েই অ’পেনাৰ ৷ মই টুৱেলভথ মেন নহওঁ ৷ মোক কোনেও বহুৱাই ৰাখিব নোৱাৰে ৷”

তেওঁ লগতে কয়, “ৰাণী নৰহৰ পাখি কোনেও কাটিব নোৱাৰে ।” বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হ’লেও কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি সদায় অগাধ বিশ্বাস আছে বুলি কয় ৰাণী নৰহে । টিকট বঞ্চিত হ‘লেও দলৰ প্ৰতি কোনো ক্ষোভ নাই বুলিও তেওঁ কয় । তথাপি তেওঁ নাম নোলোৱাকৈ লোকসভা নিৰ্বাচনৰ টিকট বঞ্চিত হোৱাৰ ক্ষোভ উজাৰিলে সংবাদ মেলখনত।

আগন্তুক ২০২৬ চনত অসমৰ ৰাইজে কংগ্রেছৰ চৰকাৰ অসমত বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছৰ চৰকাৰ অসমত আনিবলৈ অসমৰ নেতৃত্বই কি বিচাৰে সেয়া তেওঁৰ বাবে বিচাৰ্যৰ বিষয় নহয় ।” ভূপেন বৰাৰ নাম নোলোৱাকৈ ৰাণীয়ে কটাক্ষ কৰি ক’লে, কেৱল ভাগৱত-ৰামায়ণ গালেই নহ’ব, দলৰ বাবে কাম কৰিবও লাগিব । ৰামায়ণ-মহাভাৰত সবেই জানে, এতিয়া কাকো শিকোৱাৰ প্ৰয়োজন নাই ৷”

প্ৰাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে ষড়যন্ত্ৰমূলকভাৱে লোকসভা নিৰ্বাচনত পোৱা টিকট হেৰুৱাব লগা হ’ল বুলি আক্ষেপ প্রকাশ কৰে । তেওঁৰ টিকটৰ ক্ষেত্রত সৰহভাগ দলীয় শীর্ষ নেতৃত্বৰ ইমানেই সমৰ্থন আছিল যে মল্লিকাৰ্জুন খৰ্গেই আজিও নাজানে লোকসভা নিৰ্বাচনত ৰাণীয়ে টিকট বঞ্চিত হোৱাৰ কথা ৷ এই বুলিও আক্ষেপেৰে প্ৰকাশ কৰে ৰাণী নৰহে ।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলীয় সামাজিক সাংস্কৃতিক সংস্থা-নেচক’ৰ ৩৯ সংখ্যক আৰু বেচৰকাৰী সংস্থা জনকল্যাণৰ ২৮ সংখ্যক অধিবেশনখন অহা ৩০ আৰু ৩১ অক্টোবৰত লখিমপুৰৰ বগীনদীত অনুষ্ঠিত কৰা হ‘ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে । উল্লেখ্য যে, ৰাণী নৰহ নেচক’ আৰু জনকল্যাণৰ অধ্যক্ষ । তেওঁ অধিবেশনখনত সকলোৰে সহযোগিতা কামনা কৰে ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…