চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি: গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ…

বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰিছে । অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদিয়ে । অৱশ্যে এইক্ষেত্ৰত শিক্ষা বিভাগে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰে ।‌

গুৱাহাটীত বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়,”ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি দিয়াৰ দায়িত্ব বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক দিয়া হ’ব । তেওঁলোকে ‘Outsourcing’ কৰি ল’ব । আমি তেওঁলোকক ধন আগবঢ়াম ।” তেওঁ লগতে কয়, “অসমত প্ৰায় ৫০ হাজাৰ বিদ্যালয় আছে । যিবিলাক বিদ্যালয় আৰু মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজন তেওঁলোকে নিজে আউটচৰ্ছিং কৰিব নে চৰকাৰৰ পৰা ল’ব সেয়া মতামত দিয়াৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে ।”

উল্লেখ্য যে দিছপুৰৰ জনতা ভৱনত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ ধনৰাশি মুকলি কৰে । বিনামূলীয়া নামভৰ্তিৰ বাবদ ১৮ কোটি টকা মুকলি কৰে ৰাজ্য চৰকাৰে । বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ ডিবিটিযোগে হস্তান্তৰ কৰা হয় এই ধনৰাশি । এই কথা সদৰি কৰি ডাঃ ৰণোজ পেগুৱে কয়, “১১৪৫ খন উচ্চতৰ মাধ্যমিকৰ ২ লাখ ৫০ হাজাৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলৰ বাবদ চৰকাৰে ১৮ কোটি টকা মোকলাই দিছে ।”

তেওঁ জনাই যে অসমত অহা বছৰ বিদ্যালয়বোৰত চলি থকা ডিজিটেল ক্লাছ ৰূমৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ’ব । যিবোৰ বিদ্যালয়ত ডিজিটেল ক্লাছ ৰূম নাই তাত ক্লাছবোৰত ডিজিটেল সঁজুলিবোৰ যোগান ধৰা হ’ব । তেওঁ ‌লগতে জনাই যে উচ্চতৰ মাধ্যমিকৰ ঐচ্ছিক বিষয়ত সকলো বিদ্যালয়তে শিক্ষক নিযুক্তি দিয়া সম্ভৱ নহয় । যিবোৰ বিদ্যালয়ত একোটা ঐচ্ছিক বিষয়ত ১০ জনতকৈ বেছি ছাত্ৰ-ছাত্ৰী থাকিলে তাত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব ।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…