কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে প্ৰদান কৰিছে এক বিতৰ্কিত মন্তব্য। বিহাৰৰ ভাগলপুৰত বিট্টুৱে কয় যে ৰাহুল গান্ধী ভাৰতীয় নহয়, তেওঁ বেছিভাগ সময় বাহিৰত কটায়।
তেওঁলোকে নিজৰ দেশক বেছি ভাল নাপায় কাৰণ তেওঁলোকে বিদেশলৈ গৈ সকলো কথা ভুলকৈ উপস্থাপন কৰে। যিসকল লোক ম’ষ্ট ৱাণ্টেড, বিচ্ছিন্নতাবাদী, বোমা, বন্দুক আৰু গোলা নিৰ্মাণৰ বিশেষজ্ঞ।
ৰাহুল গান্ধীৰ বক্তব্যৰ শলাগ লৈ তেওঁ কয় যে বিমান, ৰেল, পথ উৰুৱাবলৈ চেষ্টা কৰা দেশৰ শত্ৰু সকলে ৰাহুল গান্ধীৰ সমৰ্থনত।
বিট্টুৱে কয় যে যদি এক নম্বৰ সন্ত্ৰাসবাদী তথা দেশৰ বৃহত্তম শত্ৰুক বন্দী কৰাৰ বাবে কিবা বঁটা থাকিব লাগে তেন্তে সেয়া ৰাহুল গান্ধীৰ হাতলৈ যাব লাগে।