
আজি পুৱাৰে পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৩টা সমষ্টিত ভোটগ্ৰহণ অব্যাহত আছে। পুৱাৰে পৰা শাৰিপাতি ভোটদান কৰি গৈছে ভোটাৰে৷ মুঠ ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী ভোটাৰে ভোট দিবলৈ ওলাই আহিছে। ১১ বজা পৰ্যন্ত পৰিষদখনৰ ভোটদানৰ হাৰ ৩৩.৩০ শতাংশ। মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে তিনি প্ৰাৰ্থী। পৰিষদখনৰ গোৱালপাৰা জিলাত ২০টা সমষ্টি, কামৰূপ জিলাত ১৬টা সমষ্টি৷
ভোট গণনা হ’ব ৪ এপ্ৰিলত।