

ঘৰৰ ল’ৰা ঘৰলৈ উভতিব। কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰা ৰিপুন বৰাই আজি পুনৰ কংগ্ৰেছ দললৈ উভতিব। দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰিব। এসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ শুৱনি কৰা ৰিপুন বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনাইছে।
উল্লেখ্য যে, ১ ছেপ্তেম্বৰত তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই। প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰা ৰিপুন বৰাই ২০২২ৰ পৰা দুবছৰৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি আছিল।