ভয়ংকৰ পথ দুৰ্ঘটনাত পান মছলা ব্যৱসায়ী হৰিশ মাখিজাৰ পত্নীৰ মৃত্যু

আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ কৰ্হল থানা এলেকাৰ মাইলষ্টোন ৭৯ৰ সমীপত এখন তীব্ৰবেগী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত কানপুৰৰ উদ্যোগপতি হৰিশ মাখিজাৰ পত্নীৰ মৃত্যু হয়। আনহাতে আহত হৈছে আন তিনিজন লোক।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনিক বিষয়াসকল সেই স্থানত উপস্থিত হয়। আহতসকলক ছাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

শুকুৰবাৰে সন্ধিয়া ৫:৩০ বজাত সংঘটিত হয় এই ঘটনা। কানপুৰৰ উদ্যোগপতি তিলকৰাজ শৰ্মাৰ পৰিয়ালৰ সদস্য হৰিশ মাখিজাৰ পত্নী প্ৰীতি মাখিজা পৰিয়ালৰ আন সদস্যৰ সৈতে কানপুৰৰ পৰা আগ্ৰালৈ গৈ আছিল। তেওঁৰ কনভয়ত বিএমডব্লিউ আৰু ইনোভাকে ধৰি তিনিখন বাহন আছিল।

উল্লেখ্য যে, কৰ্হল থানা এলেকাৰ মাইলষ্টোন ৭৯ৰ সমীপত এখন বাহন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে। এই বাহনখনেৰে গৈ থকা প্ৰীতি মাখিজাৰ মৃত্যু হোৱাৰ লগতে চালকসহ আন তিনিজন লোক আহত হয়।

এই দুৰ্ঘটনাৰ পিছতেই মাখিজা পৰিয়ালত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Related Posts

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…