
তিনিচুকীয়াৰ ধলাত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। খবৰ অনুসৰি এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বাইক আৰোহী নিহত হয়।
ধলা লাফাং কলা চাৰিআলিৰ পুলিচ চেক পইন্টতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। সমগ্ৰ ঘটনা চি চি টিভিত বন্দী হৈছে।
জানিব পৰা অনুসৰি শদিয়াৰ বৰপুখুৰী গাঁৱৰ ৰত্নেশ্বৰ চিৰিং নামৰ এজন ৬০ বছৰীয়া লোক তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখে বাইকেৰে আহি থাকোতে বিপৰীত দিশৰ পৰা অহা ডাম্পাৰৰ খুন্দাত লোকজন বাগৰি পৰে।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত ছৈখোৱাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
অৱশ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে ব্যক্তিজনক মৃত ঘোষণা কৰে।