

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাক লৈ কেতবোৰ নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে। নিৰ্দেশনা সমূহ তলত উল্লেখ কৰা হ’ল-
১) পৰীক্ষাৰ ডেৰ ঘণ্টাৰ পূৰ্বে কেন্দ্ৰত উপস্থিত হ’ব লাগিব পৰীক্ষাৰ্থী
২) প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ পিছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী
৩) এডমিট কাৰ্ড অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব
৪) এডমিট কাৰ্ডৰ লগতে পৰীক্ষাৰ্থীয়ে দেখুৱাব লাগিব পৰিচয় পত্ৰ
৫) মেটেল ডিটেক্টৰ অথবা মেনুৱেলি হ’ব পৰীক্ষাৰ্থীৰ তালাচী
৬) আপত্তিজনক তালাচীৰ সন্মুখীন হ’লে পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক জনোৱাৰ আহ্বান
৭) খৰতকীয়া তালাচীৰ সুবিধাৰ্থে হাতছুটি পোছাক, চেণ্ডেল পিন্ধি অহাৰ পৰামৰ্শ
৮) এডমিট কাৰ্ডৰ লগতে নিব লাগিব চৰকাৰী পৰিচয় পত্ৰ
৯) নিব পাৰিব ডেবিট-ক্ৰেডিট কাৰ্য অথবা সামান্য নগদ ধন, পানীৰ বটল
১০) খোৱাপানীৰ বটলত থাকিব নালাগিব কোনোধৰণৰ লেবেল
১১) পৰীক্ষাৰ পাছত ঘৰত লৈ যাব পাৰিব প্ৰশ্নকাকত