হঠাৎ সলনি হোৱাৰ দিশে সাহিত্য সভাৰ সভাপতিৰ তালিকা…

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ তোলপাৰ লাগিছে সভাৰ ভিতৰচ’ৰা ৷ সভাপতিৰ আসনক লৈ চলিছে বিচিত্ৰ ৰাজনীতি ৷ অভিযোগ উঠিছে সাহিত্যিকৰ পৰিৱৰ্ত এইবাৰো অসাহিত্যিকৰ ভিৰ লাগিছে সভাপতিৰ আসন দখল কৰিবলৈ ৷ এই লৈ ৰাজ্যজুৰি সভাৰ শুভাকাংক্ষীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত কৌশল সলনি কৰি সভাপতিৰ পেনেল সলনি কৰি মান ৰক্ষা কৰিবলৈ আগবাঢ়িছে সভাৰ বৰ্তমানৰ নেতৃত্ব ।

অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি গিৰীশ সন্দিকৈক সভাপতি পাতিবলৈ এটা চক্ৰই উঠি-পৰি লাগিছিল । বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখন । গোপনীয় তালিকা ৰাজহুৱাভাৱে চৰ্চিত হোৱাত কঠোৰ সমালোচিত হয় অসম সাহিত্য সভা ৷ যাৰবাবে অৱশেষত পৰৱৰ্তী সভাপতিৰ পেনেল বাতিলৰ প্ৰস্তাৱ দিবলৈ বাধ্য হ’ল অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে । অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সূত্ৰৰ তথ্য অনুসৰি অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিক লিখিত এক প্ৰস্তাৱ আগবঢ়ায় ।

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ পৰৱৰ্তী পূর্ণাংগ অধিবেশনখন পাঠশালাত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে সভাৰ ৮৪৯ খন সক্রিয় শাখাই এই নির্বাচনত ভোটদান কৰি বিষয়ববীয়া নিৰ্বাচন কৰিব । আনহাতে সভাৰ সভাপতি নির্বাচনক লৈ এইবাৰ সভাই আকৌ এবাৰ সংবিধান সংশোধন কৰি এখন সাতজনীয়া এখন উচ্চস্তৰীয় সমিতি গঠন কৰে । এই সমিতিয়ে পাঁচ গৰাকী ব্যক্তিক নির্বাচন কৰিব ৷ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ প্ৰস্তাৱমতেই এতিয়া আকৌ নতুন ৫ জনীয়া তালিকা প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে অসম সাহিত্য সভা ।

সভাপতিৰ নিৰ্বাচনক বিতৰ্কত কি পৰিকল্পনা আছিল ?

২০২৫-২৭ বৰ্ষৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে উচ্চস্তৰীয় সমিতিখনে এজন ৫ জনীয়া তালিকা প্ৰস্তুত কৰিছিল ৷ অভিযোগ উঠে যে য’ত কেৱল সাহিত্য জগতলৈ বিশেষ অৱদান নথকা বৰ্তমানৰ উপ সভাপতি গিৰীশ সন্দিকৈক সভাপতি পতাৰ বাবে ব্লুপ্ৰিণ্ট পতা হয় । সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ বিৰুদ্ধে উঠে এই ক্ষেত্ৰত নেতৃত্ব লোৱাৰ অভিযোগ । এই অভিযোগ এতিয়ালৈ খণ্ডন কৰা নাই প্ৰধান সম্পাদকগৰাকীয়ে । চৰ্চা অনুসৰি- নিৰ্বাচনী নীতি অনুসৰিয়েই উচ্চস্তৰীয় সমিতিখনে গিৰীশ সন্দিকৈক সভাপতিৰ আসন বহুৱাবৰ বাবেই এখন ৫ জনীয়া তালিকা প্ৰস্তুত কৰিছিল ৷ এই ৫জনৰ ৪ জনেই শেষত সভাপতি হোৱাৰ প্ৰস্তাৱ বাতিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল । ফলত মুকলি হ’লহেঁতেন গিৰীশ সন্দিকৈৰ সভাপতি হোৱাৰ বাট ।

ৰাজ্যজোৰা সমালোচনাৰ অন্তত বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি লোকলজ্জা ৰক্ষাৰ স্বাৰ্থতে এতিয়া থমকি ৰৈছে কৌশলেৰে অসাহিত্যিক ব্যক্তিক অসম সাহিত্য সভাৰ সভাপতি পতাৰ ৰাজনীতি । গিৰীশ সন্দিকৈৰ পৰিৱৰ্তে আন কোনো এগৰাকী প্ৰসিদ্ধ সাহিত্যিকক সভাপতিৰ আসনত বহোৱাৰ কৰাৰ পৰিকল্পনা কৰিছে চক্ৰটোৱে ৷ হয়তো এগৰাকী মহিলা লেখিকা হ’বগৈ পাৰে অসম সাহিত্য সভাৰ নতুন সভাপতিৰ প্ৰাৰ্থী ।

সভাপতিৰ নতুন তালিকাত কাৰ কাৰ নাম?

সভাৰ ভিতৰুৱা তথ্য অনুসৰি সভাপতি সূৰ্যকান্ত হাজৰিকাৰ প্ৰস্তাৱমতে এতিয়া নতুন তালিকা প্ৰস্তুত হোৱাৰ পথত আগবাঢ়িছে ৭ জনীয়া সমিতিখন ৷ এইবাৰ সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ওলাইছে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী, অৰূপা পটংগীয়া কলিতা, জয়ন্ত মাধৱ বৰা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, উপেন ৰাভা হাকাচাম, সমীৰ তাঁতীৰ নাম । জানিব পৰা মতে ইয়াৰে দুগৰাকীমান সাহিত্যিকে সন্মতি জনাইছে যদিও এগৰাকীও মহিলা সাহিত্যিকে বৰ্তমানলৈকে জনোৱা নাই সন্মতি । স্বাভাৱিকতে প্ৰশ্ন উঠে হঠাৎ কিয় বোধোদয় হ’ল অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ ? কিয় তেওঁ দিলে পৰৱৰ্তী সভাপতিৰ নতুন তালিকাৰ প্ৰস্তাৱ ? আচলতে এয়া বোধোদয় নে লোকলজ্জা নিৰসনৰ উপায় ?

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ