শনিবাৰে ঘোষণা কৰা হ’ব ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ।ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় যদিও পাঁচ বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চিত সমষ্টি হিচাপে বিবেচিত হৈছে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ লগতে বিহালী বিধানসভা সমষ্টি।
বিহালী বিধানসভা সমষ্টি়ত বিৰোধী সন্মিলিত মৰ্চা থানবান কৰি বিজেপিৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত জয়ন্ত বৰাক কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি শক্তি প্ৰদৰ্শনৰ যুঁজত জঁপিয়াই পৰিছিল ৰাজ্যৰ ভিতৰতে অন্যতম চৰ্চিত কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে।বিহালী সমষ্টি়ৰ জয়-পৰাজয় গৌৰৱ গগৈৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰা বুলি বিগত কেইবা দিন ধৰি ব্যাপক চৰ্চা চলিছে ৰাজ্যৰ ৰাজনৈতিক মহলত।
আনফালে পূৰ্বে বিজেপিৰ দখলত থকা বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ দলীয় দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰঞ্জিত দত্তৰো সন্মানৰ প্ৰশ্ন সমষ্টিটোৰ পৰা বিজেপিৰ জয়-পৰাজয়ৰ সৈতে জড়িত হৈ পৰা বুলিও সৰ্বত্ৰে চৰ্চিত হৈছে ।
একেদৰে পাঁচটাকৈ কাৰ্যকালৰ বাবে চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ উপৰি শেহতীয়াভাৱে ধুবুৰী লোকসভা সমষ্টিৰ পৰা দেশৰ ভিতৰতেই ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উপ-নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছে বিজেপিৰ যুৱ নেতা দিপ্লুৰঞ্জন শৰ্মাৰ বিৰুদ্ধে ।
নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা পুত্ৰ তানজিল হুছেইনক সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ ৰকিবুল হুছেইনে সৰ্বশক্তি প্ৰয়োগ কৰাৰ বিপৰীতে শাসকীয় দল বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰত কোনো ত্ৰুটি কৰা নাছিল । বিশেষকৈ উপ-নিৰ্বাচন অনুষ্ঠিত ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে নানা কৌশল অৱলম্বন কৰিছিল শাসকীয় বিজেপি দলৰ লগতে বিৰোধী কংগ্ৰেছেও ।