দেশত মন্দিৰ-মছজিদ সংঘৰ্ষঃ মৃত ৪ জন

দেওবাৰে উত্তৰ প্ৰদেশৰ সম্ভল জিলাত মছজিদৰ জৰীপক লৈ  হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত এই পৰ্যন্ত ৪জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি জিলাখনত বিদ্যালয় বন্ধ কৰি দিয়া লগতে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।

জানিব পৰা মতে,জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল। লগে লগে মছজিদৰ জৰীপৰ বিৰোধীতা কৰি একাংশ স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা আৰম্ভ হৈছিল।

এই প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। উক্ত ঘটনাত ২৮জন লোক আঘাতপ্ৰাপ্ত হয়। এনে পৰিস্থিতিৰ ফলত জিলাখনত কঠোৰ হৈ পৰিছে সম্ভল প্ৰশাসন। সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।

দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ উলংঘন কৰিলে বিএনএছৰ ধাৰা ২২৩ ৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,সম্বলত সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। উত্তৰ প্ৰদেশ চৰকাৰে বিভাজন সৃষ্টি কৰাৰ অভিযোগ তুলি এই ঘটনত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে