দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

দিল্লীৰ প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে উচ্চতম ন্যায়ালয়ক সম্পূৰ্ণ অনলাইন ব্যৱস্থালৈ স্থানান্তৰিত কৰাৰ বাবে জ্যেষ্ঠ অধিবক্তাসকলে কৰা অনুৰোধ নাকচ কৰে ৷ লগতে সকলো ন্যায়াধীশক য’তেই সম্ভৱ ভাৰ্চুৱেল শুনানিৰ অনুমতি দিবলৈ তেওঁ কয় ৷

উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ (Supreme Court Bar Association চমুকৈ SCBA) সভাপতি কপিল ছিবালে ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত দিল্লী আৰু NCR ত প্ৰদূষণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে । মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, ‘‘আমি সকলো ন্যায়াধীশক কৈছো যে য’তেই সম্ভৱ ভাৰ্চুৱেল শুনানিৰ অনুমতি দিব লাগে ।’’ ছিবালে কয়, ‘‘এই প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে ।’’ ইফালে ছিবালক বিভিন্ন অধিবক্তাই সমৰ্থন কৰিছিল ।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ কামকাজ অনলাইন মাধ্যমৰ হ’ব লাগে বুলি কৰা যুক্তি বিচাৰপীঠে মানি লোৱা নাছিল । বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে অধিবক্তাসকলৰ অনলাইনত হাজিৰ হোৱাৰ বিকল্প আছে।

উল্লেখ্য যে, সোমবাৰে উচ্চতম ন্যায়ালয়ে এক বিজ্ঞপ্তিযোগে ৰাজধানীত প্ৰদূষণৰ মাত্ৰা ভয়াৱহ হোৱাৰ বাবে কৰ্মচাৰীসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে ৷

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে