
ৰাজ্য চৰকাৰে সোণাপুৰৰ কচুতলী চলোৱা উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননীও প্ৰেৰণ কৰিছে। জাৰি কৰা জাননী অনুসৰি অহা ৩ সপ্তাহৰ ভিতৰত অসম অসম চৰকাৰে উচ্ছেদ সন্দৰ্ভত স্পষ্ট কৰিব লাগিব স্থিতি।
উল্লেখ্য যে, ফাৰুক আহমেদ নামৰ এজনে উচ্চতম ন্যায়ালয়ত তৰিছিল গোচৰ। আদালতক অৱমাননা কৰি উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ন্যায়াধীশ গাৱাই আৰু বিশ্বনাথনৰ খণ্ড পীঠৰ শুনানি।
আনফালে কচুতলিৰ উচ্ছেদক লৈ তৰা আদালত অবমাননা গোচৰত সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিছে। ৰাজহ বিভাগৰ প্ৰধান সচিবসহ পাঁচজন বিষয়ালৈ কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছে।
কামৰূপ মহানগৰ আয়ুক্ত, আৰক্ষী আয়ুক্তলৈ জাননী উচ্চতম ন্যায়ালয়ৰ। সোণাপুৰৰ চক্ৰ বিষয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছে। ন্যায়ালয়ৰ নিৰ্দেশ অবমাননা কৰাৰ অভিযোগ আনিছিল উচ্ছেদিতই।