সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে বিৰাট কোহলীক পৰাস্ত শ্বাহৰুখ খানৰ

ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত ২০২৪ বৰ্ষত বলীউদ অভিনেতা শ্বাহৰুখ খানে আদায় দিছে সৰ্বাধিক কৰ। ফৰ্চুন ইণ্ডিয়াৰ তথ্য অনুসৰি শ্বাহৰুখে ৯২ কোটি টকাৰ কৰ আদায় দিছিল। তেওঁৰ পিছত আছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা বিজয়ে কৰ হিচাপে ৮০ কোটি টকা দিছিল।

কৰ আদায়ৰ তালিকাত ৭৫ কোটি টকা আদায়েৰে তৃতীয় স্থানত বলীউডত ভাইজানৰূপে খ্যাত ছলমান খান। বিগ বি ৰূপে খ্যাত অমিতাভ বচ্চন আছে এই তালিকাৰ চতুৰ্থ স্থানত। তেওঁ কৰ হিচাপে প্ৰদান কৰিছে ৭১ কোটি টকা।

ইফালে দেশৰ ভিতৰতে কৰ আদায়ৰ তালিকাৰ পঞ্চম স্থানত আছে সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। তেওঁ চলিত বৰ্ষত ৬৬ কোটি টকা কৰ হিচাপে আদায় দিয়ে।

তেওঁৰ পিছতে ৪২ কোটি টকা কৰ আদায়েৰে ষষ্ঠ স্থানত আছে অজয় দেৱগন। সপ্তম স্থানত থকা এম এছ ধোনীয়ে ৩৮ কোটি টকাৰ কৰ আদায় দিয়াৰ বিপৰীতে অষ্টম স্থানত থকা ৰণবীৰ কাপুৰে ৩৬ কোটি টকাৰ কৰ পৰিশোধ কৰে।

ঋত্তিক ৰোশন আৰু শচীন তেণ্ডুলকাৰ দুয়োজনে কৰ হিচাপে ২৮ কোটি টকা পৰিশোধ কৰিছে।

Related Posts

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…