দীপাৱলীৰ বতৰত ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যাপক উত্থান পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দীপাৱলীৰ এই সময়ৰ উত্থানৰ বাবেই ষ্টক মাৰ্কেটৰ এই বিশেষ বৰ্ষটো সবাতোকৈ লাভজনক বৰ্ষ হিচাপে বিবেচিত হৈছে। শ্বেয়াৰ মাৰ্কেটৰ চলি থকা মন্দাৱস্থাৰ মাজতে দীপাৱলীৰ বতৰত অভূতপূৰ্ব উত্থানৰ খবৰে সকলো বিনিয়োগকাৰীক অধিক উৎসাহিত কৰি তুলিছে।
যোৱা দীপাৱলীৰ পৰা চলিত দীপাৱলীৰ লৈকে এই সময়চোৱাত বিনিয়োগকাৰীৰ সম্পদৰ পৰিমাণ ১২৮লাখ কোটিৰ পৰা বৃদ্ধি পাই ৪৫৩লাখ কোটি টকা হৈছেগৈ। এই বৃদ্ধিৰ পৰিমাণ প্ৰায় ১.৫ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই উত্থানৰ পাছতে চলিত বৰ্ষটো সবাতোকৈ সমৃদ্ধিশালী বৰ্ষ হিচাপে বিবেচিত হৈছে।
উল্লেখ্য যে, শ্বেয়াৰ মাৰ্কেটৰ এই বৃদ্ধিত ঘৰুৱা পুঁজিৰ পৰিমাণ হৈছে ৪.৭লাখ কোটি টকা। অতি শেহতীয়াকৈ নেচনেল ষ্টক এক্সেঞ্জ (NSE)ৰ গ্ৰাহকৰ সংখ্যা ২০ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। মাত্ৰ ৮ মাহ পূৰ্বে নেচনেল ষ্টক এক্সেঞ্জৰ পঞ্জীয়নভুক্ত গ্ৰাহকৰ সংখ্যা আছিল ১৬.৯ কোটি।