কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন?

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, শ্ৰীদেৱীৰ প্ৰেমত গভীৰভাৱে পৰিছিল ৰজনীকান্ত। ৰজনীকান্তৰ সৈতে প্ৰায় ১৯খন ছবিত কাম কৰিছিল শ্ৰীদেৱীয়ে। এই সময়চোৱাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। জানি আচৰিত হব যে, ১৩বছৰ বয়সতে ৰজনীকান্তৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছিল শ্ৰীদেৱীয়ে।

এনেদৰেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কক বিয়াৰ নাম দিয়াৰ বাবে ৰজনীকান্তে এদিন শ্ৰদেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল। শ্ৰীদেৱীৰ বয়স তেতিয়া আছিল মাত্ৰ ১৬বছৰ। শ্ৰীদেৱীয়ে বিয়াৰ সন্দৰ্ভত সকলো কথা ঘৰৰ সৈতে পাতিবলৈ কৈছিল ৰজনীকান্তক।

বিয়াৰ কথা পাতিবলৈ ৰজনীকান্ত গৈছিল শ্ৰীদেৱীৰ বলচন্দৰস্থিত ঘৰলৈ। সেই দিনা আছিল শ্ৰীদেৱীৰ নতুন ঘৰত গৃহপ্ৰবেশ। কিন্তু ভাগ্য হয়তো সুপ্ৰসন্ন নাছিল শ্ৰীদেৱী-ৰজনীকান্তৰ সম্পৰ্কৰ ওপৰত। ৰজনীকান্ত যেতিয়া শ্ৰীদেৱীৰ ঘৰত গৈ উপস্থিত হৈছিল তেতিয়াই গুচি হৈছিল শ্ৰীদেৱীৰ ঘৰৰ কাৰেন্ট।

এনে কাৰ্যৰ বাবে ৰজনীকান্তে ভাৱিলে যে, নতুন এটা সম্পৰ্ক আৰম্ভ কৰিবলৈ লওঁতেই কাৰেন্ট গুছি যোৱাটো অশুভ সংকেত। সেয়েহে ৰজনীকান্তে শ্ৰীদেৱীৰ ঘৰত কাকো একো নোকোৱাকৈ উভতি আহিল। আৰু তেতিয়াৰ পৰাই শ্ৰীদেৱী আৰু ৰজনীকান্তৰ সম্পৰ্ক সিমানতে ইতি পৰিল।

  • Brahmaputra Times

    Related Posts

    নতুন দিল্লীত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

    ডিজিটেল ডেস্কঃ   ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ ১৬ আগষ্টত…

    আগধন লৈ অনুষ্ঠানত উপস্থিত নোহোৱাত সানিলে ক’লা ৰং

    ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত তৃপ্তি ডিমৰী, এইবাৰ পিছে ব’ল্ড লুক বা অভিনয়ক লৈ নহয়। শেহতীয়াকৈ অনুৰাগীৰ ৰোষত পৰিছে তৃপ্তি ডিমৰী। ক্ষুব্ধ অনুৰাগীয়ে তৃপ্তিৰ মুখত সানিলে ক’লা ৰং। জানিব পৰা মতে,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক