
চৰকাৰী অনুদানেৰে শ্যামকানু মহন্তই আয়োজন কৰে নৰ্থ ইষ্ট ফেষ্টিভেল। শেহতীয়াকৈ এক আৰটিআই আবেদনৰ উত্তৰত এই তথ্য পোহৰলৈ আহিছে। ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ৬০ লাখ টকাৰ অনুদান লাভ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত।
লুইত কুমাৰ বৰ্মন নামৰ এগৰাকী ব্যৱসায়ীয়ে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে আৰটিআই আবেদনৰ ভিত্তিত লাভ কৰা উত্তৰৰ প্ৰতিলিপি। পৰ্যটন বিভাগৰ পৰা লাভ কৰা সেই আৰটিআই উত্তৰত স্পষ্ট হৈ পৰিছে যে শ্যামকানু মহন্তই ২০১৯ চনত ৩০ লাখ টকা, ২০২২ চনত ৫ লাখ টকা আৰু ২০২৩ চনত ২৫ লাখ টকাৰ অনুদান দিল্লীত অনুষ্ঠিত কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত লাভ কৰিছে। এয়া বিগত ৫ বছৰৰ ভিতৰত শ্যামকানু মহন্তই কেন্দ্ৰ চৰকাৰৰ পৰ্যটন বিভাগৰ পৰা লাভ কৰা অনুদানৰ হিচাপ।

আনফালে ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ এক লিখিত প্ৰশ্নৰ উত্তৰত পৰ্যটন মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষত ভোগালী উত্সৱলৈ ২৫ লাখ টকা আগবঢ়োৱাৰ তথ্য সদৰি কৰিছিল। মন কৰিবলগীয়া যে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা ৰঙালী মেলাৰ উদ্যোক্তাও হৈছে শ্যামকানু মহন্ত।

অৱশ্যে বিভাগীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে প্ৰদান কৰা উত্তৰত ৰঙালী মেলাৰ উদ্যোক্তা কোন সেই বিষয়ে স্পষ্টকৈ উল্লেখ নকৰিলে। তথাপিও এই ৰঙালী মেলাৰ আয়োজক শ্যামকানু মহন্তই সেই ২৫ লাখ টকাৰ অনুদান লাভ কৰিছিল বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছিল।