শিলচৰত মণিপুৰৰ ক্ষোভৰ অগনি…

সোমবাৰে মণিপুৰৰ জিৰিবামত চি আৰ পি এফৰ গুলীত নিহত হৈছিল ১০জন কুকি জনগোষ্ঠীৰ যুৱক ৷ মণিপুৰ চৰকাৰে দাবী কৰে যে নিহত এই ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য ৷ ইফালে আটাইকেজনৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় ৷

কিন্তু মৰোণত্তৰ পৰীক্ষা সম্পন্ন হয় যদিও মৃতদেহকেইটা পৰিয়ালক চমজাই দিয়া হোৱা নাছিল । তেনে ক্ষেত্ৰত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সম্মুখত একাধিকবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মৃতকৰ পৰিয়ালসহ কাছাৰত বসবাস কৰা জনজাতিটোৰ লোকসকলে ৷

ইয়াৰ মাজতে শনিবাৰে মৃতদেহকেইটা জিৰাবামলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত হয় মণিপুৰ চৰকাৰ ৷ মাছিমপুৰৰ পৰা হেলিকাপ্টাৰেৰে মৃতদেহকেইটা জিৰিবামলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মণিপুৰ চৰকাৰে ৷ কিন্তু চিকিৎসালয়খনত উপস্থিত মৃতকৰ পৰিয়ালসহ কাছাৰৰ বাসিন্দা কুকি আৰু মাৰ পুৰুষ-মহিলাসকলে হেলিকাপ্টাৰেৰে মৃতদেহকেইটা নিয়াত বাধা প্ৰদান কৰে ৷

ইফালে চিকিৎসালয়ৰ মৰ্গৰ সম্মুখত জনজাতি দুটাৰ শতাধিক পুৰুষ-মহিলা গোট খায় ৷ তাৰ পিচত এটা সময়ত চিকিৎসালয়খনত আৰম্ভ হয় উত্তপ্ত পৰিস্থিতি ৷ আৰম্ভ হয় আৰক্ষীৰ সৈতে ঠেলা-হেঁচা, টনা-আঁজোৰা ৷ ইয়াৰ উপৰি হঠাতে আৰক্ষীক উদ্দেশ্য কৰি শিলাবৰ্ষণ কৰে উত্তেজিত কুকি আৰু মাৰ পুৰুষ-মহিলাই ৷ যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগা হয় ৷

অৱশ্যে বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে চিকিৎসালয় চৌহদত । আনহাতে, চিকিৎসালয়ৰ মৰ্গৰ সম্মুখত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী । উপস্থিত হৈছে আৰক্ষী অধীক্ষকসহ ডি আই জিও ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে