শিৱসাগৰৰ দৰে তিতাবৰতো অনা-অসমীয়াৰ উদ্ভণ্ডালি, হাত দিলে অসমীয়া যুৱতীৰ গাত

শিৱসাগৰৰ অনা-অসমীয়াৰ উদ্ভণ্ডালি কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ অসমত সৃষ্টি হৈছে অনুৰূপ পৰিস্থিতি। শিৱসাগৰৰ কাষৰীয়া জিলা যোৰহাটৰ তিতাবৰত সৃষ্টি হৈছে একেই পৰিস্থিতি। এগৰাকী অসমীয়া যুৱতী কলেজৰ পৰা আহি থকা সময়ত এটা অনা-অসমীয়া যুৱকে হাতত ধৰি অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অনা-অসমীয়া সম্প্ৰদায়ৰ অংকুৰ শ্বাহ নামৰ যুৱকজনে ছাত্ৰীগৰাকীৰ সৈতে অশ্লীল ব্যৱহাৰ কৰাৰ লগতে যুৱতীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা লোককো গালি-গালাজ কৰে। অভিযোগ অনুসৰি অসমীয়া জাতিক ধৰি গালি-গালাজ কৰে অংকুৰ শ্বাহ নামৰ অভিযুক্ত যুৱকজনে। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে অনা-অসমীয়া যুৱকজনে প্ৰায়েই মহাবিদ্যালয়লৈ অহা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰে। লগতে ‘অসমীয়াৰ দপদপনি নচলিব’, ‘অসমত আমাৰ দপদপনি চলিব’, ‘অসমীয়াৰ কাম নাই’, ‘অসমীয়াক উফৰাই দিম’ বুলিও মন্তব্য আগবঢ়াই আহিছে।

নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী প্ৰথম ষান্মাষিকৰ ছাত্ৰীক অশ্লীল ব্যৱহাৰ কৰা দেখি সহায়ৰ বাবে আগবাঢ়ি যোৱা বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা আৰু নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আগবাঢ়ি যাওঁতে তেওঁলোকক উদ্দেশ্যি অসমীয়া জাতিৰ প্ৰতি এনে বিৰূপ মন্তব্য প্ৰদান কৰে।

এই খবৰ বিয়পি পৰাৰ লগে লগে তিতাবৰ তিনিআলিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ইতিমধ্যে তিতাবৰ আৰক্ষী থানাত ছাত্ৰীগৰাকীৰ পৰিয়াল আৰু বিভিন্ন দল-সংগঠনে এজাহাৰ দাখিল কৰিছে। লগতে বীৰ লাচিত সেনাৰ বিষয়ববীয়াই অনা-অসমীয়া যুৱকজনক ২৪ ঘণ্টাৰ সময় বান্ধি ক্ষমা খুজিবলৈ দাবী জনায়। অন্যথা তিতাবৰতো তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে