সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগৰ তালিকাৰ শীৰ্ষত অসম

বিগত কেইবামাহ ধৰি স্মার্ট মিটাৰ সংযোগৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ লগতে প্ৰতিক্ৰিয়া অব্য়াহত আছে । ইয়াৰ মাজতেই বিতৰ্কিত স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত থকাৰ তথ্য় প্ৰকাশ পাইছে সংসদৰ মজিয়াত । তথ্য় অনুসৰি নৱেম্বৰ লৈকে দেশত সংস্থাপন কৰা হৈছে প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ । ইয়াৰ ভিতৰত আকৌ ১১ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ‘শূন্য’ স্থাপনৰ তথ্য় প্ৰকাশ পাইছে ।

সোমবাৰে সংসদত শক্তি মন্ত্ৰী শ্ৰীপদ নাইকে প্ৰকাশ কৰা তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত 29 নৱেম্বৰলৈকে প্ৰায় 73 লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে । যোৱা ২৯ নৱেম্বৰলৈকে ৬৩.৬৪ লাখ অনুমোদনৰ বিপৰীতে অসমত সৰ্বাধিক ২২,৮৯ লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে । ইয়াৰ পিছত বিহাৰত ২৩.৫০ লাখ অনুমোদনৰ বিপৰীতে ১৯.৩৯ লাখ ডিভাইচ স্থাপন কৰা হৈছে । তদুপৰি মধ্য প্ৰদেশত 1.29 কোটি অনুমোদনৰ বিপৰীতে 10.13 লাখ মিটাৰ সংস্থাপন কৰা হৈছে । উত্তৰ প্ৰদেশত 2.69 কোটি অনুমোদনৰ বিপৰীতে 3.79 লাখহে সংস্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

২০২১ চনৰ জুলাই মাহত আৰম্ভ কৰা পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনিৰ (আৰ ডি এছ এছ) অধীনত ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰায় ২৫ কোটি স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হ’ব । ইয়াৰ বাবে ব্য়য় হ’ব ৩.৩ লাখ কোটি টকা । যোৱা ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যত প্ৰায় ১৯.৭৯ কোটি স্মাৰ্ট মিটাৰ আৰু ৭২.৯৭ লাখ ডিভাইচ স্থাপন কৰা হৈছে । ৰাজ্যসভাত এক উত্তৰত ৰাজ্যিক শক্তি মন্ত্ৰী শ্ৰীপদ নাইকে এই তথ্য় সদৰী কৰে ।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, তামিলনাডু, ত্ৰিপুৰা, ৰাজস্থান আৰু পাঞ্জাৱৰ দৰে ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন ‘শূন্য’ । এই ৰাজ্যসমূহত অনুমোদিত সঁজুলিৰ সংখ্যা ক্ৰমান্বয়ে 3 কোটি,5.47 লাখ, 1.42 কোটি আৰু 87.84 লাখ । শূন্য স্থাপনৰ তালিকাত থকা আন ৰাজ্যকেইখন হৈছে নাগালেণ্ড (অনুমোদিত 3.17 লাখৰ বিপৰীতে), মেঘালয় (4.60 লাখ অনুমোদিত), মিজোৰাম (2.89 লাখ), ঝাৰখণ্ড (13.41 লাখ), কেৰালা (1.32 কোটি) অৰুণাচল প্ৰদেশ (2.87 লাখ) আৰু গোৱা (7.41 লাখ)।

আনহাতে, ২৯ নৱেম্বৰলৈকে আন্দামান আৰু নিকোবৰ আৰু পুডুচেৰীত শূন্য স্থাপন দেখুওৱা হৈছে । এই দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ক্ৰমে ৮৩,৫৭৩ আৰু ৪.০৩ লাখ স্মাৰ্ট মিটাৰ অনুমোদন কৰা হৈছিল । উত্তৰাখণ্ডই মুঠ ১৫.৮৭ লাখ স্মাৰ্ট মিটাৰ অনুমোদিত হোৱাৰ বিপৰীতে মাত্ৰ ৭ টা ডিভাইচহে সংস্থাপন কৰিছে ।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…