সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ আসোঁৱাহপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে।
আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে।
বিগত দিন সমূহত সাধাৰণ ৰাইজে ব্যতিক্রমী ৰূপত বিদ্যুৎ বিভাগৰ প্ৰতিবাদ কৰি থকা গৈছে।
ইয়াৰ মাজতে শিৱসাগৰৰ ডিমৌত দেখা গ’ল ব্যতিক্রমী প্ৰতিবাদ। অতিষ্ঠ সাধাৰণ জনতাই শৰাইৰ ওপৰত স্মাৰ্ট মিটাৰ লৈ ৰাইজে APDCL কৰ্তৃপক্ষক গতালে স্মাৰ্ট মিটাৰ।