

স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক৷ পূৰ্বতকৈ অধিক বিদ্যুৎ বিল ভৰিবলগীয়া হোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্ৰোহী হৈ উঠিছে সাধাৰণ ৰাইজ৷ পূৰ্বে ৫০০ টকা বিদ্যুৎ বিল দিয়া পৰিয়ালে এতিয়া ১৫০০ টকা পৰ্যন্ত বিল ভৰিবলগীয়া হৈছে৷ যাৰ ফলত বিভিন্ন দল-সংগঠনৰ নেতৃত্বত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে৷ ইয়াৰ মাজতে এটা জাতীয় সংগঠনে স্মাৰ্ট মিটাৰ ভঙা অভিযান চলাব বুলি জানিব পৰা গৈছে৷ নামনি অসমৰ শক্তিশালী সংগঠন কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই এই ঘোষণা কৰিছে৷ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে এই ঘোষণা কৰিছে৷ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই কয় যে শীঘ্ৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ নকৰিলে আমি ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰ ভঙাৰ অভিযান চলাম৷