অৰুণাচলত নিৰ্মাণ কৰা নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত ছাত্ৰ-নাৰী মুক্তিৰ উত্তাল প্ৰতিবাদ

অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰা দাবীত আজি তিনিচুকীয়াৰ আয়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে ছাত্র মুক্তি সংগ্রাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

তেওঁলোকে এই প্ৰতিবাদৰ জৰিয়তে নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পর্কে অধ্যয়ন নকৰাকৈ অবিজ্ঞানসন্মতভাবে অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১৩৫ টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম অতিশীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনায় ৷প্ৰতিবাদৰ সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতিদ্বয় পাপু দত্ত আৰু দেবব্ৰত শইকীয়াই কয়, “অৰুণাচল প্ৰদেশত ইতিমধ্যে নদীবান্ধ নিৰ্মাণ কৰিবলৈ ৫০ হাজাৰ গছ কাটিলে আৰু ৩ লাখ গছ কাটিবলৈ সাজু হৈ আছে ।

লগতে কয়, এনে জৈৱ বৈচিত্ৰ ধ্বংসকাৰী কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব । অৰুণাচল প্ৰদেশত নদীবান্ধ নিৰ্মাণ কৰিব আৰু অসমৰ ওপৰেৰে বিদ্যুৎ গুজৰাটলৈ লৈ যাব । গুজৰাটৰ প্ৰতি থকা এনে দৰদ কেতিয়াও সহ্য কৰা নহ’ব । আজি তিনিচুকীয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে ৷ এই প্ৰতিবাদ গুৱাহাটীলৈ যাব, তাৰ পাছতো যদি নদীবান্ধ বন্ধ নহয় আন্দোলন দিল্লীলৈ লৈ যোৱা হ’ব ।”

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…