
উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ গাংমৌথানৰ নকোনীয়া পথাৰৰ সমাজকৰ্মী দিলীপ সেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ আজি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে প্ৰয়াত দিলীপ সেনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি এক শোক প্ৰস্তাৱ প্ৰদান কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে দিলীপ সেন সদায়েই অনুসূচিত জাতিৰ লোকৰ অধিকাৰৰ হকে জাগ্ৰত আছিল৷ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰা দিলীপ সেনে সমাজৰ বিভিন্ন দায়িত্ব পালন কৰি যুৱ প্ৰজন্মক উৎসাহী কৰি গৈছে৷ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি তেখেতৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলিও কয় সঞ্জীৱ দাসে৷ জানিব পৰা মতে, ৮ অক্টোবৰত বিশ্বনাথ জিলাৰ গাংমৌথানৰ নকোনীয়া পথাৰৰ সমাজকৰ্মী দিলীপ সেনৰ দেহাৱসান ঘটে৷ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত দিলীপ সেনৰ পুত্ৰ মদন সেন অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আহিছে৷