ছ’চিয়েল ৱেলফেয়াৰ ছছাইটিৰ অধিবেশনত ছফি জামাল হুছেইন, শিক্ষাইহে সমাজ পোহৰাব পাৰিব

আমি সন্তানক পঢ়ুৱাত গুৰুত্ব দিব লাগিব৷ আমাৰ আৰ্থ-সামাজিক উন্নয়ন কেৱল শিক্ষাৰ সৈতে জড়িত হৈছে৷ প্ৰতিগৰাকী শিশুক পঢ়িবলৈ সুবিধা দিয়াৰ দায়িত্ব আমি প্ৰতিগৰাকী লোকে ল’ব লাগিব৷ এই মন্তব্য কংগ্ৰেছ নেতা, বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ছফি জামাল হুছেইনৰ৷ নামনি অসমৰ চেঙা সমষ্টিৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা ছ’চিয়েল ৱেলফেয়াৰ ছছাইটিৰ পঞ্চম বাৰ্ষিক অধিবেশন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰি এই মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছ নেতা, বিশিষ্ট ব্যৱসায়ী ছফি জামাল হুছেইনে৷ কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত ছফি জামাল হুছেইনে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷ তেওঁ দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীক সকলোৱে একেলগে পঢ়ুৱাৰ ব্যৱস্থা কৰিবলৈ জোৰ দি কয় যে লগে ভাগে সমাজৰ পিছপৰা পৰিয়ালৰ ল’ৰা-ছোৱালক পঢ়ুওৱাৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষাইহে জাতি আৰু সমাজ পোহৰাব পাৰিব৷ লগতে আন এটা কথাও আমাক লাগিব৷ সেয়া হৈছে সংস্কৃতি৷ সংস্কৃতিয়ে আমাক এক কৰি ৰাখে৷ জাতিৰ মাজত ভেদাভেদ নোহোৱা কৰে সংস্কৃতিয়ে৷ সংস্কৃতিৰ অন্য দিশেই হৈছে সমন্বয়৷ প্ৰথমে আমি সমাজ ভাল কৰিবলৈ প্ৰতিজন লোকে গুৰুত্ব দিব লাগিব৷ শিক্ষাক প্ৰতিজেন লোকে গুৰুত্ব দিয়ক আৰু সংস্কৃতিৰ দ্বাৰা সমাজত ভাতৃত্ববোধ, একতা গঢ়ি তুলিবলৈ গুৰুত্ব দিয়া উচিত বুলিও কয় ছফি জামাল হুছেইনে৷ নামনি অসমৰ চেঙা সমষ্টিৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা ছ’চিয়েল ৱেলফেয়াৰ ছছাইটিয়ে প্ৰতিষঅঠাৰ পঞ্চম বৰ্ষত ভৰি দিয়াত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰে৷ ৩০ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা পঞ্চম বাৰ্ষিক অধিবেশন৷ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী মনিৰ উজ জামান, ফাৰুক আহমেদ, ইমৰান হুছেইন, আনোৱাৰ হুছেইন, শাহজামাল হক, সৌৰভ দাসৰ নেতৃত্বত পুৱা ৮ বজাত চাফাই অভিযানেৰে আৰম্ভ হয়৷ ১০ বজাত ছ’চিয়েল ৱেলফেয়াৰ ছইছাইটিৰ সভাপতি জাহ্নৱ জ্যোতি মেধীয়ে পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলন পৰিচালনা কৰে ৰাব্বুল আলামিনে৷ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হয় বিহু প্ৰতিযোগিতা৷ ৰিতুল ইছলামে পৰিচালনা কৰা বিহু প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিউটি দত্ত, আবুল কালাম আজাদ, দিলীপ কুমাৰ মেধী৷ আবেলি চাৰি বজাৰ পৰা আৰম্ভ হয় মুকলি সভা৷ আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক আব্দুৰ ৰহিম আহমেদ৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডা০ ৰেজাউল হামিদ, অধ্যাপক আব্দুল হালিম আহমেদ৷ বিশিষ্ট অতিথি হিচাপে বিদ্যালয় পৰিদৰ্শক ৰাতুল কুমাৰ দাস, সমাজকৰ্মী ছামছুল আলী, আমিৰুল ইছলাম খান, কংগ্ৰেছ নেতা আব্দুল আজিজ আহমেদ, মুকুল আহমেদ, বিকলাংগ সন্থাৰ মুখ্য সম্পাদক ৰহিম বাদশ্বা, অধিবক্তা ৰফিকুল ইছলাম, মুকুল আহমেদ উপস্থিত থাকে৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী, অধ্যক্ষ অমূল্য গোস্বামী, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱান বাকেছ উদ্দিন, চিকিৎসক ডা০ আমিনুল ইছলাম, ডা০ হুছেইন মহম্মদ ছোহাইলে, সনাতন দাস, নাৰায়ণ শইকীয়াকে ধৰি বহু গণ্য-মান্য লোক উপস্থিত থাকে৷ ৭ সাত বজাত প্ৰায় ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক সন্ধিয়া৷

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    নিজ বাহনক লৈ সজাগ হওঁক!

     জাৰকালিৰ সময়ছোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যাও সাধাৰণতে বৃদ্ধি পায় । সেয়ে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…