গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰে প্ৰচণ্ড সংঘাত অবৈধ দখলকাৰীৰ।
আৰক্ষীক দা লাঠীৰে আক্ৰমণ একাংশ অবৈধ দখলকাৰীৰ। আৰক্ষীয়েও দিয়ে ইয়াৰ প্ৰত্যুত্তৰ। ইয়াৰ ফলত মৃত্যু হয় দুজন অবৈধ দখলকাৰীৰ।
নিহত দুজনক হাইদৰ আলী আৰু জবা হৃদ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষীলৈ অবৈধ দখলকাৰীয়ে শিলাবৰ্ষণ কৰিছিল।
এই ঘটনাত সোণাপুৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আহত হয়। ইয়াৰ উপৰি হাবিলদাৰ দীপেন গগৈ, মানৱজ্যোতি চুতীয়া, অমৰজ্যোতি বৰুৱাও আহত হয়।
খবৰ অনুসৰি সোণাপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ বন্ধ কৰি দিয়া হৈছে ৰে’ল যাতায়ত। সোণাপুৰৰ ৰে’ল পথৰ দাঁতিত হাজাৰ হাজাৰ বেদখলকাৰীয়ে আশ্ৰয় লোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।