

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আজি এগৰাকী বাংলাদেশী নাগৰিকক ১০ হাজাৰ টকা জৰিমনাসহ ৫ বছৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।
উল্লেখ্য যে, সুখচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ২০২৩ চনৰ ৪ জুলাই তাৰিখে সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেপাৰীপাৰা দলঙত তালাচী চলাই এগৰাকী অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশী নাগৰিকক আটক কৰিছিল।
লোকজনক সোধা-পোছাৰ অন্তত সুখচৰ আৰক্ষীয়ে নিজাববীয়াকৈ Foreigners Act ১৪ A(a)/১৪ A(b) R/W See, Passport Act 12 (1)(c) আৰু IPC ৪১৯/৪৬৮/৪৭১ ধাৰত সুখচৰ থানাত ১৭১/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।
ইপিনে এবছৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ মূখ্য ন্যায়াধীশ সঞ্চয় হাজৰিকাই আজি উক্ত গোচৰৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি ৱাকিমুল ইছলাম ওৰফে লিমনক ১০ হাজাৰ টকা জৰিমনাসহ ৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
অবৈধভাৱে প্ৰৱেশ কৰা নাগৰিকজন বাংলাদেশৰ দিনাজপুৰ জিলাৰ বিৰল থানাৰ অন্তৰ্গত টেগেৰা সোণাৰ পাৰা গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ ৱাকিমুল ইছলাম (২৪) বুলি জানিব পৰা গৈছে।