
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে।
যোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ দুৰ্দান্ত গতিবেগেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰা মায়ংক যাদৱে ৰাষ্ট্ৰীয় দললৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে।
এই দলটোত স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু উইকেটকীপাৰ বেটাৰ জিতেশ শৰ্মাইও স্থান লাভ কৰিছে।
অৱশ্যে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৰ বাবে সঞ্জু চেমছন প্ৰথম পছন্দৰ উইকেটকীপাৰ হোৱাৰ সম্ভাৱনা আছে।
ছিৰিজৰ সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰাসকলৰ ভিতৰত আছে ছিম বলিং অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু পেচাৰ হৰ্ষিত ৰানা।
প্ৰথম টি-২০, ৬ অক্টোবৰত গোৱালিয়ৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী দুখন খেল ৯ অক্টোবৰত (নতুন দিল্লী) আৰু ১২ অক্টোবৰত হায়দৰাবাদ অনুষ্ঠিত হ’ব।
দলটো এইধৰণৰ
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (wk), ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, বৰুণ চক্ৰৱৰ্তী, জিতেশ শৰ্মা (wk), অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, মায়ংক যাদৱ।