শীতকালত খাওঁক তিল…

তিল ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে ইয়াক বেছিকৈ খায় কাৰণ ইয়াৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ থাকে ৷ অসমীয়া সমাজতো তিলৰ এক বিশেষ মহত্ব আছে ৷ ইয়াৰ পৰা তৈয়াৰ কৰা লাৰু-পিঠা পুহ মহীয়া জাৰত বিশেষকৈ মাঘৰ বিহুৰ সময়ত খাবলৈ বহুতে পচন্দ কৰে ৷

কাৰণ ই আমাৰ শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত সহায় কৰে ৷ তিলত প্ৰ’টিন, ফাইবাৰ, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন বি আদি পুষ্টিকৰ উপাদান থাকে, যি শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হয় ৷ সেয়ে ইমানবোৰ গুণেৰে সমৃদ্ধ তিলক ছুপাৰফুড বুলি গণ্য কৰা হয় ৷ গতিকে শীতকালত তিল খালে কি কি উপকাৰিতা সাধন হয় জানো আহক-

তিল খোৱাৰ উপকাৰিতা

হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি- পলিঅনচেচুৰেটেড ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট তিলত পোৱা যায়, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷ ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ দৰে সমস্যাৰ সম্ভাৱনা কম হয় ৷

হজম শক্তি উন্নত কৰে- তিলত ভালে পৰিমাণৰ আঁহ থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ ই কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে ৷

হাড়ৰ শক্তি- তিলত ভালে পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু জিংক থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে ৷ ইয়াৰ ফলত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা কম হয় ৷ সেয়ে আমি শীতকালত তিল খাব লাগে ৷

ওজন ব্যৱস্থাপনা- তিলত আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি পোৱা যায়, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থকা অনুভৱ হয়, ইয়াৰ বাবে অপ্ৰয়োজনীয় খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিব পাৰি ৷ ইয়াৰ দ্বাৰা ওজন নিয়ন্ত্ৰণতো সহায় হয় ৷

ছাল আৰু চুলিৰ বাবেও উপকাৰী- তিলৰ তেলে ছালক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু সুস্থ কৰি ৰাখে ৷ ই চুলি সোনকালে দীঘল কৰাতো সহায় কৰে আৰু উফি কমোৱাত সহায় কৰে ৷ বিশেষকৈ শীতকালত প্ৰয়োগ কৰিলে শুকান হোৱাৰ কোনো সমস্যা নহয় ৷

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ- তিলত ভালে পৰিমাণৰ আঁহ পোৱা যায় ৷ যাৰ ফলত ই ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ৷

 

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…