বজাৰৰ আটা-ময়দাক কুট্টুৰে সলনি কৰক…

ডিজিটেল ডেস্কঃ এজোপা উদ্ভিদ,যাৰ শিপাৰ পৰা পাত পৰ্যন্ত উপযোগী। প্ৰ’টিন,কাৰ্বহাইড্ৰেট, কেলচিয়াম,ফছফৰাছ, লৌহ পদাৰ্থ আৰু চৰ্বিৰ সমাহাৰ এইবিধ উদ্ভিদ। এইবিধ হৈছে বাকহুইট মিলেট বা কুট্টু । মিলেটৰে এক প্ৰজাতি।

প্ৰায় ৫ বা ৬ হাজাৰ বছৰৰ আগৰ পৰা দক্ষিণ-পূব এছিয়াত বাকহুইটৰ খেতি আৰম্ভ হৈছিল। তাৰ পৰাই মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু তাৰ পিছত ইউৰোপলৈ বাকহুইট মিলেট বা কুট্টু বিয়পি পৰিল। হালপিলোৰ প্ৰতিবেদন অনুসৰি ফিনলেণ্ডত অন্ততঃ খ্ৰীষ্টপূৰ্ব ৫৩০০ চনলৈকে ইয়াৰ ব্যৱহাৰৰ লিখিত উল্লেখ আছে।

কুট্টুৰ উদ্ভিদ জোপা ২-৪ ফুট ওখ। ইয়াৰ পাতবোৰ ত্ৰিকোণীয় আৰু সম্পূৰ্ণ সেউজীয়া। প্ৰথমে উদ্ভিদজোপাত সৰু সৰু বগা ফুল ওলায়। তাৰ পিছত এই ফুলবোৰ গোটা আকৃতিৰ ফললৈ পৰিণত হয়। এই ফলবোৰ শুকুৱাই লোৱাৰ পিছত সৰু সৰু বাদামী ৰঙৰ গুটি ওলায়। এইবোৰ পিহি কুট্টু প্ৰস্তুত কৰা হয়।

দক্ষিণ ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু নীলগিৰি অঞ্চলত কুট্টুৰ খেতি কৰা হয়। উত্তৰ-পূব ভাৰতৰ কিছুমান অঞ্চলটো কুট্টুৰ খেতি কৰা হয়। বিশেষকৈ শীত কালত এইবিধ খেতিৰ বীজ সিঁচা হয়। শস্য ৮০ শতাংশ পকিলে চপোৱা হয়। তাৰ পিছত শুকুৱাই গুটিবোৰ পৃথক কৰা হয়। তাৰ পিছত সেইবোৰ পিহি আটা হিচাপে প্ৰস্তুত কৰে।

ৰাছিয়া, চীন আৰু কাজাখস্তান হৈছে বিশ্বৰ তিনিখন বৃহৎ কুট্টু উৎপাদনকাৰী দেশ। এই ক্ষেত্ৰত আমেৰিকা চতুৰ্থ স্থানত আছে। ইয়াৰ উপৰিও ইউক্ৰেইন আৰু কিৰ্গিস্তানৰ দৰে দেশতো বৃহৎ পৰিসৰত এইবিধ উদ্ভিদৰ উৎপাদন কৰা হয়।

এই দুই দেশত কুট্টু নিয়মীয়া খাদ্যৰ অংশ বুলিও জানিব পৰা যায়। জাপানত কুট্টুৰ নুডলছ অতি জনপ্ৰিয়। একেদৰে কুট্টুৰ ভিনেগাৰ চীনত তৈয়াৰ কৰা হয়। আমেৰিকা আৰু ইউৰোপৰ কুট্টুৰ কেক আৰু পেন কেক অতি জনপ্ৰিয়।

উল্লেখ্য যে,ৰোজাৰ দিন কেইটাত কুট্টুৰে লুচিৰ পৰা পকৰিলৈকে বিভিন্ন খাদ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি। স্বাস্থ্য বিশেষজ্ঞৰ মতে কুট্টুৰ প্ৰ’টিন অতি উত্তম উৎস। ১০০ গ্ৰাম কুট্টুত প্ৰায় ১৫ গ্ৰাম প্ৰ’টিন থাকে। ইয়াৰ উপৰিও ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট আৰু ফাইবাৰো পোৱা যায়। গতিকে কুট্টু এক প্ৰকাৰে ছুপাৰফুড হিচাপেও কাম কৰে।

এইখিনিটে উল্লেখ কৰা প্ৰয়োজন,কুট্টুত আলফা লিনোলেনিক এচিড পোৱা যায় যিটো বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। আমেৰিকান জাৰ্নেল অৱ গেষ্ট্ৰ’এণ্টেৰ’লজিৰ তথ্য অনুসৰি,কুট্টুত অদ্ৰৱণীয় আঁহো থাকে,যিয়ে পিত্তথলীত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কুট্টুৰ গ্লাইচেমিক ইনডেক্স কম,সেয়েহে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। আমি জনা উচিত যে,কুট্টু ডেৰ মাহৰ ভিতৰত নষ্ট হৈ যায়। ম্যাদ উকলি যোৱাৰ পিছত সেৱন কৰিলে খাদ্যত বিষক্ৰিয়া হ’ব পাৰে।

  • Brahmaputra Times

    Related Posts

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    পূজা চাবলৈ যাঁওতে বেগত ৰাখক এইসমূহ সামগ্ৰী…

    ডিজিটেল ডেস্কঃ  মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক