খাদ্য খোৱাৰ পাছতে আকৌ ভোক লাগে নেকি?

ডিজিটেল ডেস্ক: ভোক লাগিলে আমি সকলোয়ে খাদ্য গ্ৰহণ কৰো। কিন্তু খাদ্য গ্ৰহণ কৰাৰ পাছতো আকৌ কিছুমান লোকৰ ভোক লাগে। সাধাৰণ যেন লাগিলেও সঘনাই ভোকৰ আঁৰত কিন্তু বহুতো কাৰণ লুকাই থাকে। যিয়ে আপোনাৰ স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে।আজি সঘনাই ভোক লগাৰ কাৰণ আৰু ইয়াক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক-

আঁহৰ অভাৱ

ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঁহ সমৃদ্ধ খাদ্য যেনে পাচলি, ফল, সম্পূৰ্ণ শস্য আৰু মাহজাতীয় শস্যই ভোক নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আঁহ সমৃদ্ধ খাদ্যই ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ ৰাখে আৰু আপোনাক দীঘলীয়া সময়ৰ বাবে পেটটো ভৰ্তি অনুভৱ কৰায়। সেয়েহে, যদি আপোনাৰ সঘনাই ভোক লাগে, আপুনি জানিব যে আহাৰত আঁহৰ অভাৱ হৈছে।

প্ৰ’টিনৰ অভাৱ

শৰীৰৰত প্ৰ’টিনৰ অভাৱ হ’লেও সঘনাই ভোক লাগে।এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি মচুৰ দাইল, বীন, দৈ আৰু চীজৰ দৰে প্ৰ’টিন সমৃদ্ধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

টোপনিৰ অভাৱ

ভোক নিয়ন্ত্ৰণকাৰী হৰমন, যেনে ঘ্ৰেলিন আৰু লেপ্টিন টোপনিৰ অভাৱৰ দ্বাৰা প্ৰভাৱিত হয়। লেপ্টিনে পূৰ্ণতাৰ সংকেত দিয়ে, আনহাতে ঘ্ৰেলিনে ভোক বৃদ্ধি কৰে। যেতিয়া আপুনি পৰ্যাপ্ত টোপনি নাযায়, আপোনাৰ শৰীৰত ঘ্ৰেলিনৰ স্তৰ বৃদ্ধি হয় আৰু লেপ্টিনৰ স্তৰ হ্ৰাস হয়, যাৰ ফলত আপুনি বাৰে বাৰে ভোক অনুভৱ কৰে। পৰ্যাপ্ত টোপনিৰ দ্বাৰা এই হৰমনবোৰৰ ভাৰসাম্য বজাই ৰাখি ভোক নিয়ন্ত্ৰণ কৰিব পাৰি।

ডিহাইড্ৰেচন

শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেশ্যনেও ভোক বৃদ্ধি কৰিব পাৰে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, আপোনাৰ শৰীৰে তৃষ্ণাক ভোক হিচাপে অনুভৱ কৰিব পাৰে।সেয়েহে, পৰ্যাপ্ত পানী খাই আপুনি ডিহাইড্ৰেচন পৰিহাৰ কৰি ভোক নিয়ন্ত্ৰণ কৰিব পাৰে।

  • Related Posts

    সাৱধান! আপোনাৰো নখ কমোৰাৰ অভ্যাস আছে নেকি?

    নখে প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য্য বৃদ্ধি কৰাত এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু আপুনি জানেনে যে এই নখৰ ভিতৰত কিমান বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ লুকাই থাকে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ডাঙৰ…

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে