কাতি বিহুত তুলসীক কিয় পূজা কৰা হয়, জানেনে এই কথা…

ডিজিটেল ডেস্কঃ তুলসীৰ পবিত্ৰতাৰ বিষয়ে সকলোৰে ধাৰণা একে। ইয়াক দেৱীজ্ঞান কৰি মানুহে পূজা কৰে। সনাতন ধৰ্মত তুলসী উদ্ভিদৰ এক বিশেষ স্থান আছে। কোৱা হয় যে তুলসীত দেৱী লক্ষ্মী থাকে। সেয়ে নিয়মীয়াকৈ তুলসীৰ উপাসনা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। ঘৰত সুখ আৰু সমৃদ্ধি আহে। সেয়ে সকলোৰে ঘৰে ঘৰে তুলসী গছ দেখা যায়।শাস্ত্ৰৰ মতে তুলসী অতি পৱিত্ৰ গছ। বিষ্ণু পূজা আদিত তুলসী নহ’লে নচলে। ইয়াৰোপৰি শাস্ত্ৰত কোৱা হৈছে, তুলসী থাকিলে যমদেৱতায়ো ঘৰত প্ৰৱেশ কৰিব নোৱাৰে!

উল্লেখযোগ্য যে,তুলসী পাত অবিহনে ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে, যিহেতু তুলসী উদ্ভিদত দেৱী লক্ষ্মী বাস কৰে সেয়ে তুলসী পূজা কৰিলেও ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি পোৱা যায়। হিন্দু ধৰ্মত তুলসী মাতাৰ ধৰ্মীয় গুৰুত্ব বহুত।সেয়ে প্ৰতিখন পূজাৰ নৈবদ্যত তুলসী,দুবৰি,তিল,দৈ আদি থকাটো বাঞ্চনীয়।

বৃক্ষ পূজাৰ ভিতৰত তুলসীক শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়েহে প্ৰতিঘৰ অসমীয়াই আহিন-কাতিৰ সংক্ৰান্তিত ঘৰৰ চোতালত মাটিৰ ঢিপ বনাই তুলসী ৰোপণ কৰে। তুলসীৰ তলত চাকি-বন্তি , ধূপ- ধূনা জ্বলাই, মাহ- প্ৰসাদ, ফলমূলেৰে প্ৰসাদৰ শৰাই ন-তুলসীৰ গুৰিত দিয়া হয়। ধূপ-ধূনাৰ সুগন্ধি, সুবাস বতাহত ওপঙি থাকে। চুবুৰিয়ে চুবুৰীয়ে হৰিনামৰ ধ্বনিয়ে আকাশ- বতাহ কঁপায় আৰু ঘৰে ঘৰে গৈ গৃহস্থৰ মঙ্গল কামনা কৰি গায়- ‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।’

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা তুলসীৰ লগত কাতি বিহুৰ সম্পৰ্ক। এফালে পৰম্পৰা আনফালে তুলসীৰ ঔষধি গুণ, যিয়ে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰে। হাড়ক মাটি আৰু তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই কৰা খেতি ডৰাই যাতে কৃষকক আশানুৰূপ ফল দিব পাৰে সেই উদ্দেশ্যে তুলসী মাক পূজা-অৰ্চনা কৰে। এই খেতিডৰাক বিভিন্ন পোক-পৰুৱা,চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ বাবে পথাৰত চাকি বন্তি জ্বলোৱা হয়। খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে।

আই লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কেৱল তুলসী তল বা পথাৰতে নহয়, তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গৰাল, ৰান্ধনি ঘৰ আদি চাকি জ্বলাই পোহৰাই তোলে।গাঁও অঞ্চলত মাটিৰ চাকিৰ পৰিৱৰ্তে ঔটেঙাৰ বাকৰলিটো চাকি জ্বলায়। যাতে সকলোতে লখিমী আহি উপচি পৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, তুলসী কেৱল ভাৰতবৰ্ষতে নহয়, আফ্ৰিকা, আৰব, ব্ৰাজিল, শ্ৰীলংকা, ব্ৰহ্মদেশ, চীন, জাপান আদি দেশতো পোৱা যায় বুলি জনা যায়। তুলসীৰ গছ যি ঠাইত থাকে সেই ঠাইৰ বায়ু শুদ্ধ হৈ থাকে।

ইয়াৰ উপৰি এই ঠাইত মেলেৰিয়া-প্লেগ আদি ৰোগৰ বীজাণুৱে একো কৰিব নোৱাৰে। প্ৰতি বছৰে ২৫ ডিচেম্বৰত তুলসী পূজন দিৱস পালন কৰা হয়। এই দিনটোত তুলসীক বিশেষভাৱে পূজা কৰা হয়। বিশ্বাস আছে যে তুলসীক পূজা কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি ৰৈ যায়।

শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে, তাত হেনো বিষ্ণুভক্ত বৈষ্ণৱ আৰু শ্ৰীহৰি ভগৱান বিৰাজ কৰে। এক কথাত “তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে