বিজেপিক ভোট দিলে স্মাৰ্ট মিটাৰ লগাই দিয়া, আলু-পিঁয়াজ-ৰন্ধন গেছৰ দাম বঢ়াৰ দিয়াৰ অফাৰ

উপ-নিৰ্বাচনত বিশেষ অফাৰ দিছে বিজেপিয়ে৷ এতিয়া নলগোৱা পৰিয়ালৰ ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰ লগাই দিব৷ আলু-পিঁয়াজৰ দাম বঢ়াই দিব৷ ৭০ টকাৰ আলু ১০০ টকা কৰি দিব৷ ৪০০ টকা ৰন্ধন গেছৰ চিলিণ্ডাৰ ১১০০ টকা কৰি দিব৷ এই অফাৰসমূহৰ বাবে উপ-নিৰ্বাচনত চামগুৰি আৰু বিহালীৰ ৰাইজে বিজেপিক ভোট দিয়ক৷ এই দাবী উত্থাপন কৰি ৰাজপথত ভোটভিক্ষা কৰিছে কেইজনমান লোকে৷ এই লোককেইজনে হাতত এখন বিশেষ বেনাৰ লৈ চামগুৰি বজাৰ আৰু বিহালী আৰক্ষী থানাৰ সমীপত বিজেপিৰ হৈ ভোটভিক্ষা কৰিছে৷ বাটৰ নাট কৰাৰ দৰেই ৰাজহুৱা স্থানত থিয় হৈ বিজেপিক ভোট দিলে কেনেদৰে উপকৃত হ’ব সেই কথা ৰাইজক বুজনি দিছে৷ মিঠাতেলৰ বটলক মাইক্ৰফোন সজাই ৰাইজক সম্বোধন কৰি লোককেইজনে কয় যে ৰাইজ শুনক শুনক আৰু শুনক৷ বিজেপিয়ে বহুত ভাল কাম কৰিছে৷ বিজেপি আমাক স্মাৰ্ট মিটাৰ লগাই দিছে৷ ২০ টকাৰ আলু-পিঁয়াজ ৭০ টকা কৰি দিছে৷ ৭০ টকাৰ মিঠাতেল ২০০ টকাত দিছে, অনুসূচিত জাতিৰ মাছমৰীয়াৰ ভাট্টা বন্ধ কৰি দিছে৷ অনুসূচিত জাতিক মাটিৰ পট্টা দিয়া নাই৷ সকলো খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি কৰি দিছে৷ সেয়েহে ইমানখিনি অফাৰ দিয়া বিজেপিক চামগুৰি সমষ্টি আৰু বিহালী সমষ্টিত ভোট দিয়ক৷ তেতিয়া বিজেপিয়ে আৰু দুগুন উৎসাহেৰে আপোনোলাকক অফাৰ দি যাব৷ প্ৰকৃততে চামগুৰি আৰু বিহালী সমষ্টিৰ অনুসূচিত জাতিৰ লোকক সজাগ কৰিবলৈ এয়া আছিল এক পথৰ সজাগতা সভাহে৷ প্ৰতীকী ৰূপত শাসকীয় দলক আক্ৰমণ কৰি বিজেপিক বিফল হোৱাৰ অভিযোগ আনে৷ অনুসূচিত জাতি সমগ্ৰামী যুৱ পৰিষদ আৰু কেইজনমান সমাজকৰ্মীয়ে পথত ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰিছে৷ আজি দিনৰভাগত চামগুৰি বজাৰ আৰু বিহালী আৰক্ষী থানাৰ সমীপত সঞ্জীৱ দাস, দুলাল বৰা, বিৰিঞ্চি বৰাৰ উপস্থিতিত এনে ব্যতিক্ৰমী তথা অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কয় যে এইখন চৰকাৰৰ দিনত অনুসূচিত জাতিৰ লোক সুৰক্ষিত নহয়৷ এইখন চৰকাৰৰ দিনত ছয়মাহৰ ভিতৰত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ পৰা ১৪০ কোটি টকা নোহোৱা হৈছে৷ অনুসূচিত জাতিৰ লোক হৈও মন্ত্ৰী পীয়ুষ হাজৰিকাই মাত নামাতিলে৷ বিহালী সমষ্টিৰ কথা উল্লেখ কৰি দাসে কয় যে বিহালী সমষ্টিৰ অনুসূচিত জাতিৰ লোকক মাটি পট্টা দিয়া নহ’ল৷ বিহালী সমষ্টিতে ৰাজ্যৰ ভিতৰতে বেছি অনুসূচিত জাতিৰ মাছমৰীয়া আছে৷ এই মাছমৰিয়াসকলক পূৰ্বে বিশেষ ভাট্টা দিয়া হৈছিল৷ কিন্তু অনুসূচিত জাতিৰ মাছমৰীয়াৰ ভাট্টা বন্ধ কৰা হৈছে৷ এইবোৰ কথাত মুখ্যমন্ত্ৰী আৰু পীয়ুষ হাজৰিকাই মাত নামাতে৷ উপ-নিৰ্বাচন অহাৰ লগে লগে দিছপুৰখন উঠি আহিছে৷ কিন্তু একেলগে থকা ১০ হাজাৰ লোকক মাটিৰ পট্টা দিব নোৱাৰিলে৷ ডি-ভোটাৰ হৈ আছে সেই সমস্যা সমাধান নকৰিলে৷ ভোট লাগে৷ কিন্তু অনুসূচিত জাতিৰ কাম নকৰে৷ অনুসূচিত জাতিৰ লোকৰ বাবে অহা টকা মুখ্যমন্ত্ৰী আৰু পীয়ুষ হাজৰিকাই কেইজনমান ঠিকাদাৰৰ দ্বাৰা হৰলুকি কৰিলে৷ বিহালী সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰী আৰু পীয়ুষ হাজৰিকাই প্ৰশ্ন কৰক অনুসূচিত জাতিৰ ১৪০ কোটি কোনে খালে৷ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ টকা কোনে খালে৷ ভূমিপট্টা, মাছমৰীয়াৰ ভাট্টা কোনে খায় আছে সেই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক৷ সঞ্জীৱ দাসে অনুসূচিত জাতিৰ লোকসকল বিজেপি বিৰোধী বুলি দাবী কৰি কয় যে বিজেপিয়ে অনুসূচিত জাতিক ঠগ-প্ৰৱঞ্চনা কৰিছে৷ আঁচনিৰ টকাৰ অপব্যৱহাৰ কৰিছে৷ সমাজকৰ্মী বিৰিঞ্চি বৰাই নিজকে বিজেপি নেতাৰ বুলি পৰিচয় দি কয় যে ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ কবৰ বাবে আমি বিহালীলৈ আহিছো৷ উপ-নিৰ্বাচনৰ পাৰ হৈ যোৱাৰ পাছতে আমি জয়ী হ’লে যিসকলৰ ঘৰত এতিয়ালৈ স্মাৰ্ট মিটাৰ লগা নাই সেইসকলৰ ঘৰে ঘৰে গৈ আমি স্মাৰ্ট মিটাৰ লগাই দিম৷ বৰ্তমান ৭০ টকা হৈ থকা আলু-পিঁয়াজৰ দাম ১০০ টকা কৰি দিম৷ থলুৱাৰ মাটি উচ্ছেদ কৰি মাটিসমূহ আদানীক গটাই দিম৷ স্কুল বিলাক বন্ধ কৰি ব্যক্তি গত খণ্ডৰ স্কুল খোলাৰ ব্যৱস্থা কৰিম৷ সন্তানে যদি পঢ়িব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীৰ পত্নীৰ বাগিচা, ৰিজৰ্টত ৱেটাৰৰ কাম কৰাৰ সুবিধা দিম৷ লগতে বিৰিঞ্চি বৰাই কয় যে বিজেপিয়ে পূৰ্বে খিলঞ্জীয়া আৰু হিন্দুৰ কথা কৈ ৰাজনীতি কৰিছিল৷ কিন্তু চামগুৰিত মিঞা মিঞা বুলি কৈ ঠাট্টা কৰা মিঞাৰ ভোট বিচাৰি প্ৰচাৰ কৰিছে৷ এবিধ বিশেষ মাংস খুৱাই ভোট ভিক্ষা কৰিছে বুলি বিস্ফোৰণ ঘটাই বিৰিঞ্চি বৰাই৷ হঠাতে বিজেপিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰাত দুয়োটা সমষ্টিত তীব্ৰ চৰ্চা হ’ব ধৰিছে বুলি জানিব পৰা গৈছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে