চুমি বৰা আৰু বিশাল ফুকনৰ আখ্যানৰ ওৰকে পৰা নাই৷ মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি অসমৰ ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰা প্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে বহু কথা পোহৰলৈ আহিব ধৰিছে৷ বিভিন্ন লোকৰ পৰা মানি ট্ৰেডিং এপত ধন বিনিয়োগ কৰিবলৈ টকা সংগ্ৰহ কৰি লুণ্ঠন কৰি বিশাল ফুকনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে অন্তৰ্ধান হৈছে অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰা। মোবাইল অফ কৰি আত্মগোপন কৰিছে। প্ৰৱঞ্চনাৰে কোটি কোটি টকাৰ মালিক হোৱা বিশাল ফুকনৰ সৈতে চুমি বৰাৰ নাম সাঙোৰ খোৱাত বিভিন্ন বিষয় চৰ্চা হ’ব ধৰিছে৷
চুমি বৰাৰ নামত লক্ষ লক্ষ টকা খৰছ কৰিছিল বনাই লোৱা ভাতৃ বিশাল ফুকনে৷ চুমিৰ বিয়া, বাৰ্থ ডে, বিদেশ ভ্ৰমণৰ নামত লাখ লাখ টকা উৰুৱাই দিছিল৷ ইতিমধ্যে এনে বহু তথ্য পোহৰলৈ আহিব ধৰিছে৷
ৰাজস্থানৰ উদয়পুৰত বিয়াৰ সময়ত মনীষ মালহোত্ৰাৰ কপোৰ পিন্ধিছিল চুমিয়ে৷ ২০ লাখ টকীয়া কইনাৰ পোছাক পিন্ধা বুলি জানিব পৰা গৈছে৷ বিয়াত প্ৰায় ডেৰ-দুই কোটি টকা খৰছ কৰিছিল বুলি জানিব পৰা গৈছে৷ এনে খৰছবোৰ বনাই লোৱা ভাতৃ বিশালে কৰিছিল৷ চুমি বৰাৰ উদয়পুৰৰ বিয়াত পানীৰ দৰে ধন খৰচ কৰিছিল বিশালে। বিয়াত বিমানৰ ভাড়াৰ নামতে খৰছ কৰিছিল প্ৰায় ৬৭ লাখ টকা।