

কলিকতা কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হৈছে শুনানি। শুনানীৰ সময়ত প্ৰতিবাদকাৰী চিকিৎসক সকলক শীঘ্ৰেই কামলৈ ওভতাৰ নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰ বাবে সৰ্বোচ্ছ ন্যায়ালয়ে সময়সীমা বান্ধি দিলে প্ৰতিবাদী চিকিৎসক সকলক।
ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মঙলবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত যোগ দিব লাগিব কৰ্তব্যত। অন্যথা কৰ্তব্যত নিয়োজিত নহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
নিৰ্দেশনা অমান্য কৰা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অনুশাসনমূলক ব্যৱস্থা ল’ব পাৰিব বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে।
উল্লেখযোগ্য যে চিকিৎসকসকলে কৰ্তব্য নকৰাৰ বাবে বিগত দিন কেইটাত প্ৰাণ হেৰুৱাইছে ২৩ গৰাকী লোকে।
ইফালে উচ্চতম ন্যায়ালয়ত CBI-ৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে। এই সন্দৰ্ভত অহা ১৭ ছেপ্টেম্বৰত পুনৰ অনুষ্ঠিত হ’ব শুনানি।