অসমৰ এনকাউণ্টাৰ সন্দৰ্ভত কঠোৰ উচ্চতম ন্যায়ালয়, ‘১৭১টা এনকাউণ্টাৰৰ ঘটনা উদ্বেগজনক’

“২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈকে অসমত ১৭১ টা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা উদ্বেগজনক” এই মন্তব্য আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে।  লগতে এই বিষয়বোৰত চলোৱা তদন্তৰ বিষয়ে বিৱৰণ বিচাৰি ইয়াক ‘অতি গুৰুতৰ বিষয়’ হিচাপে উল্লেখ কৰে। তেওঁ কয় যে মানৱ অধিকাৰ আয়োগে সত্যটো জানিবলৈ প্ৰয়োজনীয় পদ্ধতি ব্যৱহাৰ কৰা উচিত।”

ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জল ভূঞাৰে গঠিত এখন বিচাৰপীঠে কয় : “অসমত এইটো এটা অতি গুৰুতৰ বিষয় । এশ এসত্তৰটা ঘটনা উদ্বেগজনক…।”

শীৰ্ষ ন্যায়ালয়ে ৰাজ্যখনক এই ১৭১ টা ঘটনাৰ বিৱৰণ দাখিল কৰিবলৈও কয় । ইয়াৰ ভিতৰত আছে এই গোচৰবোৰৰ তদন্ত কোনে কৰিছিল আৰু এই গোচৰবোৰৰ ফলাফল কি আছিল । বিচাৰপীঠে কয়, “ৰাজ্যখনৰ অতীত অতি সমস্যাজৰ্জৰ ।”

শীৰ্ষ ন্যায়ালয়ে ২০২৩ চনৰ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশৰ বিৰুদ্ধে এক আবেদনৰ শুনানি গ্ৰহণ কৰি এইকথা কয় । লগতে অসম আৰক্ষীয়ে এই এনকাউণ্টাৰ সম্পৰ্কীয় বিষয়টো উত্থাপন কৰা এখন পি আই এল খাৰিজ কৰে । উচ্চ ন্যায়ালয়ৰ সন্মুখত আবেদনকাৰীয়ে দাবী কৰিছিল যে ২০২১ চনৰ মে’ মাহত অসম আৰক্ষীয়ে লেখ আবেদন দাখিল কৰাৰ তাৰিখলৈকে ৮০ টাতকৈও অধিক ‘ভুৱা এনকাউণ্টাৰ’ সংঘটিত কৰিছিল ।

মঙলবাৰে শুনানিৰ সময়ত আবেদনকাৰী আৰিফ মহম্মদ য়াছিন জোৱাড্ডাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা প্ৰশান্ত ভূষণে বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে অসমত বৃহৎসংখ্যক এনকাউণ্টাৰ সংঘটিত হৈছে ।

আনহাতে, অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা এগৰাকী অধিবক্তাই কয় যে উচ্চ ন্যায়ালয়ে পি আই এলৰ বিচাৰ কৰাৰ বাবে আগ্ৰহী নহয় আৰু ইয়াক অপৰিক্ব বুলি অভিহিত কৰে । বিচাৰপীঠে কয়, “এনে ধৰণৰ আবেদনক অপৰিপক্ব বুলি আঁতৰাই ৰাখিব নোৱাৰি ।”

বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে এইটো এটা প্ৰতিকূল গোচৰ নহয় আৰু ই বিষয়টোৰ সংবেদনশীলতা আৰু ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ বিষয়েও সচেতন ।

  • Brahmaputra Times

    Related Posts

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। গৌতম আদানীৰ লগতে আদানী গ্ৰীণ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ