বিশ্বমানৰ স্বীকৃতি আজুৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে…

উত্তৰ-পূৰ্বাঞ্চল শৈক্ষিক ক্ষেত্ৰৰ নালন্দা হিচাপে পৰিচিত তেজপুৰ বিশ্ববিদ্যালয়ে আন এক সুনাম অৰ্জন কৰি ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ‘‘টাইমছ হায়াৰ এডুকেশ্যন ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স ৰেংকিংছ -২০২৫’’ৰ উদ্বোধনী কাৰ্যক্ৰমণিকাত উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ৰেংকিংযুক্ত প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃশৃংখলামূলক বিজ্ঞান শিক্ষা আৰু গৱেষণাত নিয়োজিত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৩৫ নম্বৰ স্থান লাভ কৰিছে ৷

উল্লেখ্য যে, আন্তঃশৃংখলামূলক বিজ্ঞান গৱেষণাই বিশ্বব্যাপী সমাধানৰ বাবে একাধিক শৈক্ষিক শাখাৰ পৰা শিক্ষণসমূহ মুকলি কৰাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ ৷ সেয়েহে আন্তঃশৃংখলাৱদ্ধ বিজ্ঞানৰ প্ৰতি বিশ্ববিদ্যালয়সমূহৰ অৱদান আৰু দায়বদ্ধতা পৰিমাপৰ বাবে এই ধৰণৰ ৰেংকিংৰ প্ৰথম প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷

‘‘টাইমছ হায়াৰ এডুকেশ্যন ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স ৰেংকিংছ -২০২৫’’ (টিএইচই-আইএছআৰ)ৰ সূত্ৰ অনুসৰি, ৯২ খন দেশৰ ৭৪৯ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত এলানি বিষয়কলৈ বিভিন্ন প্ৰক্ৰিয়াৰে মূল্যায়ন আৰু ভিত্তি কৰি এই ৰেংকিং ব্যৱস্থা কৰা হৈছে ৷

তেজপুৰ বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা দলৰ নেতৃত্ব দিয়া বহুবিষয়ক গৱেষণা কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ডি চি বৰুৱাই কয়, “টিএইচই-আইএছ আৰৰ বিশ্বমানৰ স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনত শিক্ষাৰ আন্তঃশাখা সংস্কৃতিক আৰু অধিক উন্নীত কৰি ৷”

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…