অস্ত্ৰ ৰপ্তানিত শীৰ্ষত ভাৰত…

ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা শীৰ্ষ তিনিখন দেশ হৈছে আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ক্ৰেতাৰ তালিকাত শেহতীয়াকৈ শীৰ্ষত আছে আৰ্মেনিয়া। আকাশ এয়াৰ ডিফেন্স চিষ্টেম, পিনাকা মাল্টি লঞ্চ ৰকেট চিষ্টেম আৰু ১৫৫ মিমি কামানকে ধৰি কেইবাটাও অস্ত্ৰ ক্ৰয় কৰিছে দেশখনে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ২০২৩-২৪ চনত ভাৰতে ২১,০৮৩ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী অন্য দেশলৈ ৰপ্তানি কৰিছে। ইয়াৰ ভিতৰত আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া শীৰ্ষত আছে।

বৰ্তমান বিভিন্ন ধৰণৰ অস্ত্ৰ আৰু ইয়াৰ অংশ সমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ভাৰত চৰকাৰ আৰু ব্যক্তিগত কোম্পানীসমূহ। এই সামগ্ৰী সমূহ ৰপ্তানি হ’ব প্ৰায় ১০০খন দেশলৈ। ভাৰতে ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, ডৰ্নিয়াৰ-২২৮ বিমান, কামান, ৰাডাৰ, আকাশ মিছাইল, পিনাকা ৰকেট আৰু সাজসজ্জিত বাহনৰ দৰে অস্ত্ৰসমূহো বিভিন্ন দেশক বিক্ৰী কৰি আছে।

সাধাৰণতে আমেৰিকা বিশ্বৰ সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰা দেশ। ভাৰতে মূলতঃ অস্ত্ৰ নিৰ্মাণত লগা আৱশ্যকীয় সামগ্ৰী সমূহ আমেৰিকালৈ ৰপ্তানি কৰে। ক্ৰেতাৰ ভিতৰত বয়িং আৰু লকহিড মাৰ্টিনৰ দৰে কোম্পানীও আছে। হায়দৰাবাদটো অস্ত্ৰৰ অংশ নিৰ্মাণ হৈ আছে। একে সময়তে ফ্ৰান্সে ভাৰতৰ পৰা বহু পৰিমাণৰ চফটৱেৰ আৰু ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰি আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪ বছৰত ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰা সৰ্ববৃহৎ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰ্মেনিয়াই। চলিত বিত্তীয় বৰ্ষত আৰ্মেনিয়াই ভাৰতৰ পৰা ৬০ কোটি ডলাৰৰ অস্ত্ৰ ক্ৰয় কৰিছে। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ ২৭ ছেপ্তেম্বৰৰ আজাৰবাইজানক সৈতে যুদ্ধত বৰ্তি আছে আৰ্মেনিয়া। ২০২৪ ৰ শেষলৈ ভাৰতীয় কোম্পানী ভাৰত ডাইনেমিসক্স লিমিটেডে আৰ্মেনিয়াক থলুৱাভাৱে নিৰ্মিত আকাশ-১এছ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰিব।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    কাটাৰৰ আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ

    আমেৰিকাই ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ বেছত ছয়টা মিছাইলেৰে আক্ৰমণ কৰে৷ আক্ৰমণৰ পিছতে কাতাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ আজি ইৰানে কাটাৰৰ আকাশপথ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে