তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনাঃ নিহত শিশুসহ ৪ জন

মঙলবাৰে পুৱতি নিশা তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাহনখনত থকা ৪ গৰাকী লোক আৰু আহত হয় দুগৰাকী মহিলা ৷ জানিব পৰা মতে, পথৰ দাঁতিৰ দ খালত বাগৰি পৰে চাৰিচকীয়া বাহনখন।

উল্লেখ্য যে, নিহত হোৱা যাত্ৰী চাৰিজনৰ ভিতৰত আছিল এটি শিশুও। ইফালে নিহত লোক কেইজনৰ দুজন বৰডুবিৰ আৰু দুজন বিহাৰৰ । AS 06 AA 2583 নম্বৰৰ মাৰুতি চুইফট্‌ বাহনখনেৰে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা তিনিচুকীয়ৰ বৰডুবিলৈ আহি থকাৰ সময়তে পুৱা সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

তেওঁলোক আহি থকা বাহনখন পথৰ কাষৰ দ খালত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত নিহত লোককেইজন বৰডুবিৰ মহন শ্বাহ, মণ্টু শ্বাহ আৰু বিহাৰৰ অৰ্থ গুপ্তা, ৰাজেশ গুপ্তা ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। লগতে উদ্ধাৰ কৰিছে বাহনখন ৷ সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত পৰিয়ালৰে দুই মহিলাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে

  • Brahmaputra Times

    Related Posts

    আঘোণৰ পথাৰে কন্দুৱাইছে কৃষকক…

    ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ। চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক…

    “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন,ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন”- আজি ৰাস পূৰ্ণিমা…

    আজি ৰাস পূৰ্ণিমা ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য ৷ সচৰাচৰ ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে ৷ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা