৩০ কিঃ মিঃ দুৰত্বলৈকে টোল টেক্স মাফ কৰাৰ দাবী চিপিআইএম-এলৰ

চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে জিলা আয়ুক্তৰ জড়িয়তে আজি ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। চি পি আই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে কয় যে বিশ্বনাথ জিলাৰ ৰতোৱা টোলগেটত ৩০ কিঃ মিঃ দুৰত্বলৈকে থকা লোকে এদিনত ১০ বাৰো টোলগেট পাৰ হৈ অহা-যোৱা কৰিব লাগিব। আকৌ কোনোবা হয়তো মাহত এবাৰ বা দুবাৰহে যাবলগীয়া হ’ব। মাহেকীয়া কৰ দিয়াৰ ব্যৱস্থা থাকিলেও যিসকলে মাহত এবাৰ যায় বা এবাৰো নাযায় তেওঁলোকে অযথা কৰ দি থাকিব লাগিব। ঘনাই যাবলগীয়া লোকসকলৰো সকলোৱেই ব্যৱসায় বা টকা অৰ্জনৰ বাবে নাযায়। বন্ধু-বান্ধৱ বা পৰিয়ালৰ লোক থকা সূত্ৰেই যাবলগীয়া হয়। দুয়োটা ক্ষেত্ৰতে কৰ দিবলগীয়া হোৱাটো চাৰিশৰীয়া পথৰ নামত স্থানীয় লোকৰ ওপৰত হাৰাশাস্তি কৰা হ’ব। সেয়েহে ৩০ কিঃ মিঃ দুৰত্বলৈকে টোল টেক্স মাফ কৰা আৰু টোলগেটত স্থানীয় নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিব লাগিব৷ দলটোৱে আৰু কয় যে বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে সাধাৰণ ৰাইজক কোঙা কৰি ৰাখিছে আৰু লগতে বিভিন্ন কৰ দি দি মানুহ জুৰুলা হৈ পৰিছে। ভূতৰ ওপৰত দানহ পৰাদি স্থানীয় ৰাইজে গাড়ীত অহা-যোৱাৰ বাবদ যদি এই টোল কৰ দিব লগা হ’য় তেন্তে স্থানীয় লোক আন এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব। অসমৰ অন্য জিলাৰ টোলগেট সমূহত বৰ্হিঃৰাজ্যৰ লোক আনি কাম কৰোৱা হৈছে। ৰতোৱা টোলগেটত বৰ্হিঃৰাজ্যৰ লোকৰ নিযুক্ত নিদিবলৈ দাবী জনালো। স্থানীয় ৰাইজৰ সুবিধাৰ্থে বিশ্বনাথ জিলাৰ ৰতোৱা টোলগেটৰ পৰা কমেও ৩০ কিঃ মিঃ দুৰত্বৰ ভিতৰত থকা স্থানীয় মানুহৰ পৰা গাড়ীৰ বাবদ টোলগেটত কৰ সংগ্ৰহ কৰাৰ পৰা বিৰত থকা আৰু স্থানীয় নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ