দুর্গোৎসৱক কেন্দ্ৰ কৰি মহানগৰ আৰক্ষীৰ যানবাহন চলাচলত নিৰ্দেশনা জাৰি

ডিজিটেল ডেস্কঃ  ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱ ৷ দুৰ্গোৎসৱৰ সময়ত জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে । দুর্গা পূজাৰ সময়ছোৱাত হ’বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে আজিৰে পৰা অৰ্থাৎ ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে ।

কি কি নীতি-নিৰ্দেশনা ?

  • সামগ্রী কঢ়িওৱা গধুৰ যানবাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব ।
  • চিটীবাছৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । এই অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ’টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।
  • একেদৰে আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছৰ ক্ষেত্ৰতো মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব ।
  • পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী গাড়ীসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব ।
  • একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব ।
  • আনহাতে দূৰণিবটীয়া বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব ।
  • উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেটকুছিত ৰখাব লাগিব ।
  • একেদৰে তিনিওখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা যানবাহন আৰক্ষীয়ে আৰোপ কৰিছে । পূজাৰ কেইদিনত দিনৰ ২ বজাৰ পৰা নিশা ২ বজালৈ এই নিষেধাজ্ঞা বলবৎ হ’ব । এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাত বিভিন্ন স্থানত প্রবেশ নিষিদ্ধ এলেকা ঘোষণা কৰি হৈছে ।
  • পূজাৰ কেইদিনত জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ কোনো ধৰণৰ বাহনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
  • একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বিভিন্ন স্থানত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে । বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে ।
  • ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ কৰা হৈছে । এ টি ৰোড আৰু দিনেশ গোস্বামী পথত কোনো ধৰণৰ যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে ।
  • ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ।
  • জালুকবাৰী এলেকাৰ ক্ষেত্ৰত জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী সামগ্রী কঢ়িওৱা গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । একেই নির্দেশনা পাণ্ডুঘাট পর্যন্তলৈ বাহাল থাকিব ।
  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…