
স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে।
বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা এই দুই অভিযুক্ত।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি দীর্ঘদিন ধৰি আত্মগোপন কৰি থকা চুমি-তাৰ্কিকে আত্মসমর্পণৰ পূৰ্বে নিশা কটাইছিল ডিব্ৰুগড়ৰ জিমখানা ক্লাবত। এই অত্যাধুনিক ক্লাবৰ ২১ নং কোঠাত আছিল বুলি নতুন তথ্য পোহৰলৈ আহিছে।
ইফালে জানিব পৰা মতে, আজি বিয়লি ভাগলৈ দুয়ো জনকে আদালতত হাজিৰ কৰোৱাৰ প্ৰস্তুতি চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে।