বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীত দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

 শুকুৰবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ‘জনজাতীয় গৌৰৱ দিৱস’ । এই উপলক্ষে সংসদত ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে । আনহাতে, লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এইগৰাকী মহান জনজাতীয় নেতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

উল্লেখ্য যে এই দিনটো দেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ অৱদান আৰু সাফল্যৰ স্বীকৃতি হিচাপে উদযাপন কৰা হয় । লগতে এগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰা হয় । ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত সম্প্ৰদায়টোৰ পৰম্পৰাগত ঢোলত ছেও তুলিবলৈ চেষ্টা কৰে ।

দুয়োগৰাকী নেতাই জনজাতীয় সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ মাদল বজাই এই দিৱস উদযাপনত অংশগ্ৰহণ কৰে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ শুভাৰম্ভ কৰে আৰু বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি পুৱা প্ৰায় ১১ বজাত ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰে । আনহাতে, প্ৰধানমন্ত্ৰীয়ে ৬,৬৪০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব ।

এই প্ৰকল্পবোৰৰ লক্ষ্য হৈছে জনজাতীয় সম্প্ৰদায়বোৰক উন্নত কৰা আৰু গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলত আন্তঃগাঁথনি উন্নত কৰা । মোদীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ (পিএম-জনমান) অধীনত নিৰ্মাণ কৰা ১১,০০০ ঘৰৰ গৃহ প্ৰৱেশতো অংশগ্ৰহণ কৰিব ।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী-জনমনৰ অধীনত ২৩ টা ভ্ৰাম্যমাণ চিকিৎসা গোটৰ (Mobile Medical Units, MMU) লগতে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ (Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, DAJGUA) অধীনত আৰু ৩০ টা এম এম ইউ মুকলি কৰিব ।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ছিন্দৱাৰা আৰু জবলপুৰত দুটা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু ছিকিমৰ গেংটকত দুটা জনজাতীয় গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিব । এই সংগ্ৰহালয় আৰু প্ৰতিষ্ঠানসমূহে জনজাতীয় সম্প্ৰদায়ৰ সমৃদ্ধ ইতিহাস আৰু ঐতিহ্য সংগ্ৰহ তথা সংৰক্ষণ কৰিব ।

আনহাতে, এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে, “জনজাতীয় মহান নায়ক ধৰতি আবা ভগৱান বীৰছা মুণ্ডাজীৰ জন্মজয়ন্তীত সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । জনজাতীয় পৰিচয়ৰ বাবে তেওঁৰ সংগ্ৰাম আৰু পানী, অৰণ্য আৰু ভূমি সুৰক্ষাৰ বাবে তেওঁৰ ত্যাগে আমাক সদায় অনুপ্ৰাণিত কৰিব ।”

উল্লেখ্য যে ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামৰ নায়ক বীৰছা মুণ্ডাই চোটানাগপুৰ অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ক তেওঁলোকৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ‘উলগুলান’ (বিদ্ৰোহ) নামেৰে জনাজাত সশস্ত্ৰ বিপ্লৱৰ নেতৃত্ব দিছিল ।

তেওঁ ছোটানাগপুৰ মালভূমি অঞ্চলৰ মুণ্ডা জনজাতিৰ লোক আছিল । তেওঁ ব্ৰিটিছ উপনিবেশ স্থাপনৰ সময়ত ঊনবিংশ শতিকাৰ আৰম্ভণিতে বিহাৰ আৰু ঝাৰখণ্ড বেল্টত উদ্ভৱ হোৱা এক ভাৰতীয় জনজাতীয় গণ আন্দোলনৰ নেতৃত্ব দিছিল ।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা