জম্মুত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ২ জন উগ্ৰপন্থীৰ মৃত্যু

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হয়। এই এনকাউণ্টাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াৰ লগতে পাঁচগৰাকী সুৰক্ষাকৰ্মী আহত হয় বুলি জানিব পৰা গৈছে।

এই সংঘৰ্ষ কুলগামৰ আদিগাম অঞ্চলত হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে।

আৰক্ষীয়ো জনোৱা অনুসৰি, নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পিছতে অঞ্চলটোত সেনা, আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে আদিগাম গাঁৱত তালাচী অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে।

দুয়ো পক্ষৰ মাজত চলা গুলীয়াগুলীত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে সেনাৰ চাৰিজন জোৱান সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হয়।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ