জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুজন সন্ত্ৰাসবাদীক সেনাবাহিনীয়ে হত্যা কৰে। ৮ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে গভীৰ নিশা সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে। এই এনকাউণ্টাৰৰ সময়তে মৃত্যু ঘটে দুয়োজন সন্ত্ৰাসবাদীৰ।
সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হৈছে দুটা এ কে ৪৭, এটা পিষ্টল আৰু গুলী।
এজন সেনা বিষয়াই জনোৱা মতে, তালাচী চলাই থকা জোৱানসকলে এল অ’ চিত সন্ত্ৰাসবাদীৰ এটা দলে সীমান্ত পাৰ হ’বলৈ চেষ্টা চলাইছিল। এই সময়ছোৱাত তেওঁলোকৰ সৈন্যসকলৰ সৈতে মুখামুখি হোৱাত দুজনৰ মৃত্যু হয়।
এই এনকাউণ্টাৰৰ পিছৰে পৰা সেনা বাহিনীৰ দলে অনুসন্ধান অভিযান আৰম্ভ কৰে আৰু এতিয়াও চলি আছে।