আলফা স্বাধীনৰ নামত ধন দাবীৰ অভিযোগত আটক দুজন

তিনিচুকীয়াত আৰক্ষীয়ে চলাইছে আলফা বিৰোধী অভিযান। আৰক্ষীয়ে চলোৱা অভিযানত সোমবাৰে নিশা জিলাখনৰ দুজনকৈ লোকক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত স্থানীয় আৰক্ষী আৰু সেনাৰ সহযোগত চলোৱা অভিযানত ফিল’বাৰীৰ গুটিবাৰীৰ অপূৰ্ব মৰাণ (৩০) আৰু মুক্তি মৰাণ (৩৩) ক আটক কৰা হয় ।

অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ফিল’বাৰীৰ কেইবাজনো ব্যৱসায়ীক ভয়-ভাবুকিৰে আলফা স্বাধীনৰ নাম সম্বলিত পত্ৰত ধন দাবী কৰিছিল এই দুই যুৱকে । আৰক্ষীয়ে দুই যুৱকক কৰায়ত্ব কৰাৰ সময়ত আলফা স্বাধীনৰ পেডসহ কেইবাখনো ধন দাবী পত্ৰ জব্দ কৰে ৷

আৰক্ষীয়ে জনোৱা মতে অপূৰ্ব মৰাণ আলফা স্বাধীনৰ এগৰাকী আত্মসমৰ্পণকাৰী সদস্য আছিল ।উল্লেখ্য যে কেইদিনমান পূৰ্বে আলফা (স্বাঃ) ৰ এটা দলে জাগুনৰ ৰাধা চেতিয়া নামৰ ব্যৱসায়ীজনৰ চাহ ফেক্টৰীত কৰ্মৰত গৌতম বসুমতাৰী নামৰ কৰ্মচাৰীজনক অপহৰণ কৰি নিছিল ৷ সম্পূৰ্ণ ১৫ দিন নিজৰ জিম্মাত ৰখাৰ পাছত আলফা (স্বাঃ)ই এৰি দিছিল গৌতমক ৷

যাক লৈ তিনিচুকীয়াত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ধন সংগ্ৰহৰ বাবে আলফা স্বাধীনে অভিযান আৰম্ভ কৰা বুলি বহুতেই মন্তব্য কৰি আহিছে যদিও এইক্ষেত্ৰত সংগঠনটোৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ ইয়াৰ মাজতে আজি এইদৰে আলফা (স্বা)ৰ দুজনকৈ সদস্য ধৰা পৰা ঘটনা উদ্বেগজনক ৷

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…